অসম

assam

ETV Bharat / state

কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত প্ৰশাসনে চলাব উচ্ছেদ - অসম নাগালেণ্ড সীমান্ত প্ৰশাসনে চলাব উচ্ছেদ

অবৈধ ভূমি দখলকাৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ এইবাৰ অসম-নাগালেণ্ড সীমান্তত উচ্ছেদৰ বাবে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ জাননী জাৰি (Assam Nagaland border)।

Karbi Anglong district administration to run eviction drive
কাৰ্বি আংলং জিলাৰ অসম নাগালেণ্ড সীমান্ত প্ৰশাসনে চলাব উচ্ছেদ

By

Published : Dec 5, 2021, 10:54 PM IST

ডিফু, ৫ ডিচেম্বৰ : বহুবিবাদিত অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ লাহৰিজানত ভূমি বেদখল কৰি বসবাস কৰা লোকক দেওবাৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে অসম ভূমি আৰু ৰাজহ আইনৰ ভূমি বন্দোবস্তি ১৮(২)/১৮(৩) নিৰ্দেশনা অনুসৰি মাটি দখল উচ্ছেদৰ জাননী জাৰি কৰে ৷ চৰকাৰ তথা প্ৰশাসনৰ তৰফৰ পৰা লাহৰিজান দুধুকলনীত বাস কৰা লোকসকলক 15 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে বুলি জানিব পৰা গৈছে (Eviction drive in Karbi Anglong continues)।

স্বায়ত্ত শাসিত পৰিষদে জাৰী কৰা জাননী অনুসৰি এইসকল লোকে 15 দিনৰ ভিতৰত নিজ নিজ সামগ্ৰীসমূহৰ সৈতে ঘৰখালী কৰিব লাগিব ৷ অন্যথা আইন অনুযায়ী প্ৰশাসনে উচ্ছেদ কৰিবলৈ বাধ্য বুলি সদৰি কৰে । লাহৰিজানত জাননী বিতৰণত কাৰ্বি আংলঙৰ ডিফু সংমণ্ডলৰ বিষয়ববীয়াসকলৰ উপৰিও খটখটি আৰু বোকাজান আৰক্ষী চকীৰ আৰক্ষী বিষয়াসকলো উপস্থিত থকা পৰিলক্ষিত হয় ।

লগতে পঢ়ক :Tension grips Nagaland : Tension grips Nagaland : উত্তপ্ত পৰিস্থিতি নগালেণ্ডৰ মন জিলাত

For All Latest Updates

ABOUT THE AUTHOR

...view details