ডিফু, 24 ডিচেম্বৰ : ক’ভিডত মৃত্যুক সাৱটি লোৱা ব্যক্তিৰ পৰিয়ালবৰ্গলৈ আৰ্থিক সকাহ প্ৰদানৰ উদ্দেশ্যে অসম চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি প্ৰণয়ন কৰিছে ৷ অসম চৰকাৰে 'হৰ হৰ দস্তক' অভিযানৰ জৰিয়তে প্ৰায় 90 শতাংশতকৈ বেছি ক'ভিডৰ ভেকচিন প্ৰদান কৰিছে (Har Ghar Dastak campaign) ৷ সামন্তৰালকৈ কাৰ্বি আংলং জিলাতো এই অভিযানৰ জৰিয়তে প্ৰায় 90 শতাংশ ক'ভিড ভেকচিন প্ৰদান কৰা হৈছে ৷
বৃহস্পতিবাৰে ডিফুত জিলা উপায়ুক্ত দিবাকৰ নাথে এক সংবাদমেল আয়োজন কৰি ক'ভিড ১৯ আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা লোক সকলৰ নিকটাত্মীয়ক চৰকাৰে প্ৰদান কৰা সাহায্য (Assam Govt to offer compensation for Covid dead) লাভৰ বাবে আবেদন কৰিবলৈ আহ্বান জনায় ৷ লগতে চৰকাৰে ক'ভিডত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰা ব্যক্তিৰ নিকটাত্মীয়লৈ 50 হাজাৰ টকাৰ এককালীন সাহায্য আগবঢ়াইছে বুলিও উল্লেখ কৰে উপায়ুক্ত গৰাকীয়ে ৷ কাৰ্বি আংলঙত 135 গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰিছে ৷ ইয়াৰে 22 গৰাকী লোকক ইতিমধ্যে সাহায্য প্ৰদান কৰা হৈছে আৰু বাকী 55 গৰাকীয়ে সাহায্যৰ বাবে আবেদন পত্ৰ সংগ্ৰহ কৰিছে বুলি জিলা উপায়ুক্ত গৰাকীয়ে জানিব দিয়ে ৷
আনহাতে এককালীন সাহায্য প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে নীতিৰ কিছু সাল-সলনি কৰিছে বুলি জানিবলৈ দি উপায়ুক্ত গৰাকীয়ে কয় যে, কোনো ব্যক্তি যদি ক'ভিড আক্ৰান্ত হৈছিল আৰু ক'ভিড মুক্ত হৈ এটা মাহৰ ভিতৰত মৃত্যুবৰণ কৰিছিল তেনে ব্যক্তিৰ আত্মীয়য়ো এই এককালীন সাহয্যৰ বাবে আবেদন কৰিব পাৰিব ৷ আত্মহত্যা, দুৰ্ঘটনা আদিৰ ক্ষেত্ৰত এই নীতি প্ৰযোজ্য নহ'ব বুলি কয় উপায়ুক্ত গৰাকীয়ে ৷