ডিফু, ২৫ ফেব্ৰুৱাৰীঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত ৰাজ্যজুৰি অব্যাহত থকা জনজাগৰণ কাৰ্যসূচীৰ এক গুৰুত্বপূৰ্ণ সভা কাৰ্বি আংলং জিলাৰ ডাংকামোকামত অনুষ্ঠিত হয় ৷ মঙলবাৰে অনুষ্ঠিত এই সভাখনত উপস্থিত থাকি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই শাসকীয় বিজেপি দলক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনক ফাঁকিবাজ বুলি অভিহিত কৰি সভাপতি গৰাকীয়ে কয় যে, বিগত সময়ছোৱাত প্ৰদান কৰা কোনো প্ৰতিশ্ৰুতিয়েই পালন কৰা নাই শাসকীয় দলে ৷ মূল্যবৃদ্ধি হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দি ৰাইজৰ পৰা ভোট আদায় কৰাৰ পিছতো নিজৰ প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ চৰকাৰ ৷ যাৰ বাবে ১৫ টকাৰ কেৰাচিনৰ মুল্য ৪৫ টকা আৰু ৩৫০ টকাৰ ৰন্ধন গেছ ১০০০ টকালৈ বৃদ্ধি পোৱা বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৷ ইয়াৰ উপৰিও অসম চৰকাৰে ছাত্ৰীক স্কুটী প্ৰদান, আত্ম সহায়ক গোট সমূহক ৫ লাখ টকাকৈ সাহায্য প্ৰদান, এতোলাকৈ সোণ প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল যদিও এই আটাইবোৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাত চৰকাৰ ব্যৰ্থ হৈছে বুলিও মন্তব্য কৰে ৰিপুণ বৰাই ৷
কাৰ্বি আংলঙৰ ডাংকামোকামত কংগ্ৰেছৰ জনজাগৰণ সভা - কাৰ্বি আংলঙৰ ডাংকামোকামত কংগ্ৰেছৰ জনজাগৰণ সভা
মঙলবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত ৰাজ্যজুৰি অব্যাহত থকা জনজাগৰণ কাৰ্যসূচীৰ এক গুৰুত্বপূৰ্ণ সভা কাৰ্বি আংলং জিলাৰ ডাংকামোকামত অনুষ্ঠিত হয় ৷ উক্ত সভাত নাগৰিকত্ব সংশোংধনী আইনৰ বিৰুদ্ধেও সৰৱ হৈ পৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকী ৷ ২০১৪ চনৰ দেশৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ মে'ৰ পিছত বাংলাদেশীয়ে ভাৰত এৰি গুছি যাব লাগিব বুলি কৈছিল যদিও নিৰ্বাচনত জয়ী হোৱাৰ পিছত বাংলাদেশী খেদাতো দূৰৈৰ কথা ওলোটাই বাংলাদেশীক টালি-টোপোলাৰ সৈতে আদৰি অনাৰ বাবে আইনৰ ব্যৱস্থা কৰাতহে গুৰুত্ব প্ৰদান কৰিছে বুলি কয় ৰিপুণ বৰাই ৷
আনহাতে, উক্ত সভাত নাগৰিকত্ব সংশোংধনী আইনৰ বিৰুদ্ধেও সৰৱ হৈ পৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকী ৷ ২০১৪ চনৰ দেশৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ মে'ৰ পিছত বাংলাদেশীয়ে ভাৰত এৰি গুছি যাব লাগিব বুলি কৈছিল যদিও নিৰ্বাচনত জয়ী হোৱাৰ পিছত বাংলাদেশী খেদাতো দূৰৈৰ কথা ওলোটাই বাংলাদেশীক টালি-টোপোলাৰ সৈতে আদৰি অনাৰ বাবে আইনৰ ব্যৱস্থা কৰাতহে গুৰুত্ব প্ৰদান কৰিছে বুলি কয় ৰিপুণ বৰাই ৷ ইয়াৰ উপৰি প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টচাৰ্যইও বিজেপি চৰকাৰৰ বিভিন্ন কাম-কাজৰ সমালোচনা কৰে ৷ প্ৰায় দুই সহস্ৰাধিকৰ লোকৰে ঘিলানীৰ পৰা ডংকামোকামলৈ কংগ্ৰেছৰ এক সমদল উলিওৱা হয় ৷ মঙলবাৰৰ এই সভাত বিভিন্ন দলৰ ২৫ জন কৰ্মী আনুষ্ঠানিকভাবে কংগ্ৰেছত যোগদান কৰে ৷
লগতে পঢ়ক-অসম চুক্তি 6 নং দফাৰ চূড়ান্ত প্ৰতিবেদন : প্ৰতিক্ৰিয়া প্ৰকাশ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ