কাৰ্বি আংলং, ২১ জুন: সমাপ্ত হৈছে ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন (13th Karbi Anglong Autonomous Council elections have ended) ৷ সদ্যসমাপ্ত ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ পিছতে নতুনকৈ গঠন হব কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ ৷ (Karbi Anglong Autonomous Council will be reconstituted) ৷ ইয়াকে লৈ এতিয়া ত্ৰয়োদশ কাৰ্যকালৰ অধ্যক্ষ পদৰ বাবে কুচকাৱাজ আৰম্ভ হোৱা পৰিলক্ষিত হৈছে ৷
উল্লেখযোগ্য যে, পৰিষদৰ ১৪ নং কৰকাণ্ঠি পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ নিৰ্বাচিত প্ৰাৰ্থী ৰাজু তিচ'ৱে আজি বিজেপি দলীয়-কৰ্মী সমৰ্থক সকলক লগত লৈ স্বায়ত্তশাসিত পৰিষদৰ ত্ৰয়োদশ কাৰ্যকালৰ অধ্যক্ষ পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে (Raju Tis filed nomination for Karbi Anglong Autonomous Council election)৷