ডিফু, 19 ছেপ্তেম্বৰঃ কার্বি আংলং জিলাৰ অন্তর্গত অসম-নাগালেণ্ড সীমান্তৱর্তী দলদলি সংৰক্ষিত বনাঞ্চলৰ মাটি নগাক গতাই দিয়াৰ অভিযোগ উত্থাপিত হৈ থকাৰ সময়তেই শনিবাৰে কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত আহ্বান কৰা হয় এখনি জৰুৰী সভা ৷ কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনত জিলাখনৰ প্রায়সমূহ ৰাজনৈতিক দল, ছাত্র সংগঠন, বিভিন্ন সামাজিক সংগঠন,কাৰ্বি আংলঙৰ উপায়ুক্তকে ধৰি আৰক্ষী অধীক্ষক উপস্থিত থাকে ৷ আনহাতে, সভাৰ অন্তত এক সংবাদমেল সম্বোধন কৰি ১৯৫১ চনতে কেন্দ্ৰীয় চৰকাৰে অধিসূচনা যোগে নিৰ্ধাৰিত কৰি দিয়া কাৰ্বি আংলঙৰ সীমাৰ এক ইঞ্চিও লৰচৰ নকৰা বুলি মন্তব্য কৰে কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷
ডিফুত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত আহ্বান জৰুৰী সভা - আংলং স্বায়ত্বশাসিত পৰিষদ
শনিবাৰে কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত আহ্বান কৰা হয় এক জৰুৰী সভা ৷ কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনত জিলাখনৰ প্রায়সমূহ ৰাজনৈতিক দল, ছাত্র সংগঠন, বিভিন্ন সামাজিক সংগঠন, কাৰ্বি আংলঙৰ উপায়ুক্তকে ধৰি আৰক্ষী অধীক্ষক উপস্থিত থাকে ৷
এই সভাখনতে সীমা সমস্যা সন্দর্ভত বিস্তৃত আলোচনাৰ অন্তত চাৰিটাকৈ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ লগতে ৰাজহ বিভাগৰ উদ্যোগত আৰক্ষী আৰু প্ৰশাসনক অন্তৰ্ভুক্তিৰে সীমা সমস্যা সমাধানৰ বাবে এখন ষ্টেণ্ডিং কমিটিৰ লগতে সকলো ৰাজনৈতিক দল,ছাত্র সংগঠন,সামাজিক সংগঠন আৰু বিশিষ্ট ব্যক্তিসকলক লৈ পৰামর্শদাতা সমিতি গঠনৰো সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ কাৰ্বি আংলঙৰ সীমান্ত এলেকাত নাগালেণ্ডে পথ নির্মাণ কৰা বুলি বিভিন্ন দল সংগঠনে উত্থাপন কৰি অহা অভিযোগসমূহ খণ্ডন কৰি বন সুৰক্ষাৰ সুবিধাৰ বাবে বন বিভাগেহে এই পথ নিৰ্মান কৰা বুলি স্পষ্ট কৰি দিয়ে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ৷
লগতে পঢ়ক-হাফলঙৰ ট্ৰেজাৰী কাৰ্যালয়ত অনিয়মৰ অভিযোগ