ডিফু, ২০ ডিচেম্বৰ: অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত সোমবাৰে চলিল উচ্ছেদ অভিযান ৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ উদ্যগত(Eviction drive by Karbi Anglong Autonomous Council) জিলা প্ৰশাসন আৰু আৰক্ষীৰ সহযোগত চলে এই অভিযান ৷ লাহৰিজান ব্লক-৩ ৰ দুদু কলনিত আৰক্ষী, চিআৰপিএফৰ এক বৃহৎ দলে চলায় এই অভিযান ৷
জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ নেতৃত্বত পুৱাৰে পৰা বুল ড’জাৰে চলোৱা হয় উচ্ছেদ অভিযান ৷ উল্লেখ্য যে, উক্ত এলেকাত চৰকাৰী ভূমি অবৈধভাৱে দখল কৰি স্থাপন কৰা হৈছিল ১০৭ টা বাসগৃহ ৷ ইয়াৰে সৰহ সংখ্যকেই উচ্ছেদ চলোৱাৰ পূৰ্বেই ঘৰৰ সা-সামগ্ৰী লৈ এই উক্ত স্থান ত্যাগ কৰে ৷
উল্লেখ্য যে, কিছুদিন পূৰ্বে লামডিং সংৰক্ষিত বনাঞ্চলত প্ৰশাসনে চলাইছিল উচ্ছেদ অভিযান (Eviction in Lumding forest reserve) ৷ বনাঞ্চলখনত উচ্ছেদ চলাৰ এদিন পূৰ্বেই প্ৰায় সংখ্যক লোকে নিজৰ লাম-লাকটুসমূহ সামৰি অৱস্থান কৰিছিল অস্থায়ী শিবিৰত ৷