অসম

assam

ETV Bharat / state

Karbi Anglong Autonomous Council: অবৈধ নিযুক্তিৰ অভিযোগৰ তদন্ত ঘোষণা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ - আংলং স্বায়ত্ত শাসিত পৰিষদৰ বিৰুদ্ধে প্ৰতিবাদ

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ বিৰুদ্ধে উত্থাপিত অবৈধ নিযুক্তি সন্দৰ্ভত তদন্ত ঘোষণা কৰিছে পৰিষদে ৷ পৰিষদৰ ভূমি সংৰক্ষণ বিভাগত অবৈধ নিযুক্তি (Illegal recruitment allegation against KAAC) ৰ অভিযোগ তুলি দুজন আৰ টি আই কৰ্মীয়ে 12 জানুৱাৰীৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে তদন্ত সমিতি গঠনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

Karbi Anglong Autonomous Council
কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ বিৰুদ্ধে অবৈধ নিযুক্তিৰ অভিযোগ

By

Published : Jan 22, 2022, 4:15 PM IST

ডিফু, 22 জানুৱাৰীঃকাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ভূমি সংৰক্ষণ বিভাগত অবৈধ নিযুক্তি (Illegal recruitment allegation against KAAC) সন্দৰ্ভত ৰাইজৰ বৃহত্তৰ স্বাৰ্থত ৱাৰলংকি দেৰা আৰু পদম' টেৰণ নামৰ দুই সচেতন যুৱকে বাৰ জানুৱাৰীৰ পৰা অৰ্নিদিষ্ঠ কাললৈ সাব্যস্ত কৰিছিল প্ৰতিবাদ ৷ ডিফু চহৰৰ ছেমছনছিং ইংতি মেম'ৰিয়েল পাৰ্কৰ সন্মূখত ৰূপায়ন কৰিছিল এই অৱস্থান ধৰ্মঘট ৷ যুৱকদ্বয়ৰ প্ৰতিবাদৰ পিছতে বিষয়টোক লৈ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ তৎপৰ হৈ পৰে ৷

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ভূমি সংৰক্ষণ বিভাগৰ তৰফৰ পৰা এই ক্ষেএত এখন তদন্ত সমিতি গঠন কৰা হ’ব বুলি পৰিষদৰ কাৰ্য্যবাহী সদস্য মাধূৰ্য্য ঢেকীয়াল ফুকনে সংবাদ মাধ্যমযোগে প্ৰকাশ কৰিছিল । এই লৈ শুকুবৰাৰে কাৰ্বি আংলং জিলা প্ৰেছ ক্লাৱৰ কাৰ্য্যলয়ত প্ৰতিবাদকাৰী যুৱকসকলে এক সংবাদমেলৰ আয়োজন কৰে । সংবাদমেলখনৰ জৰিয়তে প্ৰতিবাদকাৰীসকলে বিভাগৰ তৰফৰ পৰা ঘোষণা কৰা তদন্ত সমিতিক আদৰণি জনায় ৷ উক্ত তদন্ত সমিতিৰ জৰিয়তে প্ৰকৃত সত্য পোহৰলৈ আহিব বুলি জানিবলৈ দিয়ে প্ৰতিবাদকাৰী সকলে ৷

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ বিৰুদ্ধে অবৈধ নিযুক্তিৰ অভিযোগ

সংবাদমেলখনৰ জৰিয়তে প্ৰতিবাদকাৰীসকলে তদন্তৰ প্ৰতিবেদন দহদিনৰ ভিতৰত ৰাজহুৱা কৰিবলৈ দাবী জনায় ৷ অন্যথা ইয়াৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷ উল্লেখ্য যে, ভূমি সংৰক্ষণ বিভাগত নিযুক্তিৰ অনিয়মৰ অভিযোগ তুলি দুই আৰ টি আই কৰ্মী ৱাৰলংকি দেৰা আৰু পদম টেৰণে অভিযোগ কৰা অনুসৰি, ২০২০ চনত প্ৰকাশ হোৱা এক বিজ্ঞাপনৰ ভিত্তিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ভূমি সংৰক্ষণ বিভাগৰ কণিষ্ঠ সহায়ক পদৰ সাক্ষাৎকাত প্ৰথমে এজন প্ৰাৰ্থীৰ নিযুক্তি প্ৰদান কৰাৰ পিছতে একেটা পদতে পুনৰ আন এগৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হয় । একেটা পদতে দুজনকৈ প্ৰাৰ্থীক নিযুক্তি দিয়া কাৰ্যত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি এনে অনিয়মৰ বিৰুদ্ধে ন্যায়িক তদন্তৰ ব্যৱস্থা কৰাৰ দাবীত আৰ টি আই কৰ্মী দুগৰাকীয়ে অনিৰ্দিষ্টকালীন ধৰ্ণাত বহিছিল ৷

লগতে পঢ়ক:Assam Police Recruitment : অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ ফলাফলত বিসংগতিৰ অভিযোগ

ABOUT THE AUTHOR

...view details