অসম

assam

ETV Bharat / state

ৰহস্যজনকভাৱে নিৰুদ্দেশ কাৰ্বি আংলঙৰ আছু নেতা - পাৰখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদ্মকান্ত লেখাৰুৰ পুত্ৰ চন্দ্ৰকান্ত লেখাৰু

যোৱা প্ৰায় ২০/২৫ দিন ধৰি সন্ধানহীন অৱস্থাত পাৰখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক তথা পাৰখোৱাৰ নিবাসী পদ্মকান্ত লেখাৰুৰ পুত্ৰ চন্দ্ৰকান্ত লেখাৰু ৷

Karbi-Anglang Parkhua ASSU leader missing
ৰহস্যজনকভাবে নিৰুদ্দেশ কাৰ্বি আংলঙৰ পাৰখোৱাৰ আছুনেতা চন্দ্ৰকান্ত লেখাৰু

By

Published : Feb 21, 2020, 6:00 PM IST

Updated : Feb 21, 2020, 7:00 PM IST

ডিফু, ২১ ফেব্ৰুৱাৰী:- সংশোধিত নাগৰিকত্ব আইনৰ বিৰোধিতাৰে ৰাজ্যজুৰি বিক্ষোভৰ জুই অব্যাহত থকাৰ মাজতে কাৰ্বি আংলং জিলাৰ পাৰখোৱাৰ এগৰাকী ছাত্ৰনেতা নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ জানিব পৰা মতে পাৰখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক তথা পাৰখোৱাৰ নিবাসী পদ্মকান্ত লেখাৰুৰ পুত্ৰ চন্দ্ৰকান্ত লেখাৰু যোৱা প্ৰায় ২০/২৫ দিন ধৰি সন্ধানহীন হৈ আছে ৷

ৰহস্যজনকভাবে নিৰুদ্দেশ কাৰ্বি আংলঙৰ আছুনেতা চন্দ্ৰকান্ত লেখাৰু

গুৱাহাটীৰ আইটিআই অধ্যয়নৰত 24 বছৰীয়া যুৱক চন্দ্ৰকান্ত লেখাৰুৰ সৈতে পৰিয়ালৰ লোকে ম'বাইলযোগে বা অন্য উপায়ে কোনো ধৰণৰ যোগাযোগ ৰক্ষা কৰিবলৈ সমৰ্থ হোৱা নাই ৷ আছু নেতাগৰাকীৰ এনে আকষ্মিক নিৰুদ্দেশৰ ঘটনাই পৰিয়ালৰ লোকৰ লগতে জিলা আছুকো উদ্বিগ্ন কৰি তুলিছে ৷ আছুৰ পাৰখোৱা আঞ্চলিক সমিতিৰ সভাপতি খগেন শৰ্মা আৰু কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক প্ৰাঞ্জল হাজৰিকায়ো যুৱকজন য'তেই নাথাকক শীঘ্ৰে উভতি অহাৰ বাবে আহ্বান জনাইছে ৷ যুৱকজনৰ কোনো সন্ধান পালে ৮৪৭৪২৪৪২৫৪ নম্বৰত যোগাযোগ কৰাৰ বাবে পৰিয়ালবৰ্গ তথা সতীৰ্থ সকলে আহ্বান জনাইছে ৷

লগতে পঢ়ক:ৰাজ্যজুৰি মহা শিৱৰাত্ৰী...

Last Updated : Feb 21, 2020, 7:00 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details