অসম

assam

এটা আঙুলিৰে জীৱন যুদ্ধত হাৰ নমনা কাৰ্বি আংলঙৰ যুৱক !

By

Published : Oct 30, 2020, 7:32 PM IST

কার্বি আংলং জিলাৰ বকলীয়াঘাটত স্বাৱলম্বনৰ অনন্য নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে দেউৰাম বৰদলৈ নামৰ এগৰাকী দিব্যাংগ যুবকে । বিদ্যুস্পৃষ্ট হৈ দেউৰামে বাঁওহাতখন হেৰুৱাবলগীয়া হােৱাৰ লগতে সোঁহাতৰো চাৰিটাকৈ আঙুলি হেৰুৱাবলগীয়া হয় । ইয়াৰ পিচতাে জীৱনৰ আশা হেৰুৱাব নােখােজা দেউৰামে বিগত সময়ছােৱাত কেৱল মাত্র সোঁহাতৰ বুঢ়া আঙুলিটোৱেই অসাধ্য সাধন কৰি সকলােকে বিস্ময়-বিমােহিত কৰি তােলাৰ লগতে আন দহজন সম্পূর্ণ সুস্থ যুবকৰ দৰে উলিয়াইছে আত্মসংস্থাপনৰ পথ ।

Karbi Anglang, one of the youngest Dibang youths in the battle of life Story
জীৱন যুদ্ধত হাৰ নমনা কাৰ্বি আংলঙৰ এগৰাকী দিব্যাংগ যুৱক !

কাৰ্বি আংলং, 30 অক্টোবৰ : অসম্ভৱকো সম্ভৱ কৰি তুলিব পৰা গুণৰ যথাৰ্থ প্ৰতিপন্ন কৰি তুলিছে কাৰ্বি আংলঙৰ বকলীয়াঘাটৰ এগৰাকী উদীয়মান দিব্যাংগ যুৱকে ৷ প্রচণ্ড আত্মবিশ্বাস আৰু প্রবল ইচ্ছাশক্তিৰে অসম্ভৱকো সম্ভৱ কৰি কার্বি আংলং জিলাৰ বকলীয়াঘাটত স্বাৱলম্বনৰ অনন্য নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে দেউৰাম বৰদলৈ নামৰ এগৰাকী দিব্যাংগ যুবকে ।

জীৱন যুদ্ধত হাৰ নমনা কাৰ্বি আংলঙৰ এগৰাকী দিব্যাংগ যুৱক !

উল্লেখযােগ্য যে, বকলীয়াঘাট বাহনি আদর্শ নিবাসীৰ যুবকজনে মাত্র চাৰি বছৰ বয়সতে খেলি থকা অৱস্থাত দুর্ভাগ্যক্রমে বিদ্যুস্পৃষ্ট হয় । উক্ত ঘটনাত কোনােমতে প্রাণ ৰক্ষা পৰা যুৱকজনে চিকিৎসকৰ বিশেষ পৰিচর্যাত কোনােমতে জীৱন ঘুৰাই পাবলৈ সক্ষম হয় যদিওঁ শােকাৱহ ঘটনাত দেউৰামে বাঁওহাতখন হেৰুৱাবলগীয়া হােৱাৰ লগতে সোঁহাতৰো চাৰিটাকৈ আঙুলি হেৰুৱাবলগীয়া হয় । ইয়াৰ পিচতাে জীৱনৰ আশা হেৰুৱাব নােখােজা দেউৰামে বিগত সময়ছােৱাত কেৱল মাত্র সোঁহাতৰ বুঢ়া আঙুলিটোৱেই অসাধ্য সাধন কৰি সকলােকে বিস্ময়-বিমােহিত কৰি তােলাৰ লগতে আন দহজন সম্পূর্ণ সুস্থ যুবকৰ দৰে উলিয়াইছে আত্মসংস্থাপনৰ পথ ।

লগতে পঢ়ক :সাৱধান ! অসমত আৰম্ভ হৈছে সাংস্কৃতিক জেহাদ

হাতৰ এটা আঙুলি আৰু ভৰিৰ সহায়ত লিখা-পঢ়া কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাতাে অৱতীর্ণ হােৱা দেউৰামে এনে অৱস্থাৰে চাইকেল চলােৱাকে ধৰি অন্য সকলাে কাম-কাজ নিজাববীয়াকৈ কৰিব পাৰে । নিচেই কম বয়সতে জীৱনৰ এনে কঠিন প্রত্যাহ্বানৰ সম্মুখীন হােৱাৰ পিচতাে হাৰ নমনা যুবকজনৰ জীৱনলৈ শেহতীয়াকৈ নামি আহিছে এটাৰ পিচত আনটো দুর্যোগ । কর্মসূত্রে পিতৃ-মাতৃ অন্য ঠাইত থকাৰ হেতু বকলীয়াঘাটৰ মােমায়েকৰ আশ্রয়ত থকা যুৱকজনে কিছুদিনৰ পূর্বে মােমায়েকক হেৰুৱাবলগীয়া হয় । আনহাতে, কৰ'ণা মহামাৰীৰ সংহাৰৰ মাজতে বকলীয়াঘাটৰ বাঁহনি আদর্শত এখন চকীক কেন্দ্র কৰি সৃষ্টি হােৱা কাজিয়াৰ পৰিণতিত দেউৰামৰ মােমায়েকৰ পুত্ৰকো এগৰাকী উদণ্ড যুবকে দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰে । পৰিয়ালটোৰ দুজনকৈ উপার্জনক্ষম লােকৰ কম সময়ৰ ভিতৰতে মৃত্যু হােৱাৰ পিচত জীবন-জীৱিকালৈ সংকট নামি অহা পৰিয়ালটোৰ জীৱিকা উপার্জনৰ দায়িত্ব লবলগীয়া হয় দিব্যাংগ দেউৰাম ববদলৈয়ে । এনে এক পৰিস্থিতিত শেহতীয়াকৈ বকলীয়াঘাটৰ বাঁহনি আদর্শ বজাৰত এখন শাক-পাঁচলিৰ দোকান আৰম্ভ কৰি ব্যৱসায়ত হাত দিছে দেউৰাম নামৰ যুবকজনে । কেৱল মাত্র তর্জনী আঙুলি থকা এখন হাতেৰেই শাক-পাঁচলিৰ দোকান দি সুকলমে ব্যৱসায়ৰ কাম-কাজ আগবঢ়াই নিবলৈ সক্ষম হৈছে যুৱকজনে ৷

লগতে পঢ়ক :মহালক্ষ্মী পূজনৰ সামগ্ৰীৰে উভৈনদী মহানগৰীৰ বজাৰ

অক্ষমতাকো নেওচি স্বাধীনচিতীয়া ব্যৱসায়েৰে স্বাৱলম্বনৰ প্রয়াস অব্যাহত ৰখা দেউৰামৰ এনে আদৰণীয় প্রচেষ্টালৈ স্থানীয় গ্রাহকসকলেও প্রয়ােজনীয় সঁহাৰি আগবঢ়ােৱা পৰিলক্ষিত হৈছে । ক্ষুদ্র দোকানখনৰ জৰিয়তে সম্প্রতি দৈনিক কমেও প্ৰায় 1200 টকাৰ ব্যৱসায় কৰা বুলি যুৱকজনে সংবাদ মাধ্যমক জানিবলৈ দিয়ে । নিজৰ সফলতাক লৈ প্রচণ্ড আশাবাদী যুৱকজনে নিজৰ শাৰিৰীক বাধাৰ বাবে কোনাে ধৰণৰ অসুবিধাৰ সন্মখীন হ'বলগীয়া হােবা নাই বুলিও লগতে মন্তব্য কৰে ।

উল্লেখ্য যে, কৰ'ণাৰ সংক্রমণৰ প্রকোপ হ্রাস পােৱাৰ পৰিপ্রেক্ষিতত কর্ম সংস্থাপনৰ অভাৱত জাকে জাকে অসমীয়া যুৱক বহিঃৰাজ্যলৈ ঢাপলি মেলাৰ প্রক্রিয়া পুনৰ আৰম্ভ হােৱাৰ সময়তে বকলীয়াঘাটৰ দেউৰাম বৰদলৈ নামৰ যুৱকজনে পর্বতসম শাৰীৰিক প্রতিবন্ধকতাকো একাষৰীয়া কৰি পৰিয়ালৰ ভৰণ-পােষণৰ দায়িত্ব পালন কৰি দেখুওৱা স্বাৱলম্বিতাৰ এনে নিদর্শন বাৰুকৈয়ে গুৰুত্বপূর্ণ বিবেচিত হৈছে ।

লগতে পঢ়ক:অসমৰ মাটি ৰক্ষাত ব্যৰ্থ হৈছে চৰকাৰ : প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ

ABOUT THE AUTHOR

...view details