অসম

assam

ETV Bharat / state

শ্ৰেণীবৰ্জন কাৰ্যসূচী প্ৰত্যাহাৰ কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থাৰ - boycott programme

১ ছেপ্তেম্বৰৰ পৰা পালন কৰিবলগীয়া শ্ৰেণীবৰ্জন কাৰ্যসূচী প্ৰত্যাহাৰ কাৰ্বি আংলং জিলা প্ৰাথমিক শিক্ষক সন্থাৰ ৷ বুধবাৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ সৈতে আলোচনাত মিলিত হোৱাৰ পিচতে এই সিদ্ধান্ত কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থাৰ ৷

শ্ৰেণীবৰ্জন কাৰ্যসূচী প্ৰত্যাহাৰ কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থাৰ

By

Published : Aug 30, 2019, 9:25 AM IST

ডিফু, 30 আগষ্টঃ শ্ৰেণীবৰ্জনৰ কাৰ্যসূচী অৱশেষত প্ৰত্যাহাৰ কৰিলে কাৰ্বি আংলং জিলা প্ৰাথমিক শিক্ষক সন্থা চমুকৈ কাপটাই ৷ ১ ছেপ্তেম্বৰৰ পৰা পালন কৰিবলগীয়া শ্ৰেণীবৰ্জন কাৰ্যসূচী হাতত লৈছিল কাৰ্বি আংলং জিলা প্ৰাথমিক শিক্ষক সন্থাই ৷ ডিফুস্থিত কাপটাৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰি এই সিদ্ধান্তৰ কথা সদৰি কৰে কাপটাৰ সাধাৰণ সম্পাদক প্ৰবীণ হাঞ্চেই ৷ বুধবাৰে কাপটাৰ নেতৃবৰ্গৰ সৈতে এই সন্দৰ্ভত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ আলোচনাৰ পিচতেই গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত ৷ আলোচনা কালত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থাৰ দাবী গুৰুত্ব সহকাৰে লৈ শীঘ্ৰে শিক্ষক-কৰ্মচাৰী দৰমহা মুকলি কৰি দিয়া হ’ব বুলি আশ্বাস দিয়ে বুলিও জনায় কাপটাৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷ ইপিনে এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ পৰা প্ৰয়োজনীয় ডিডিঅ', কোড আৰু পাছৱৰ্ড লাভ কৰা বুলিও জনায় সংবাদমেলত ৷

শ্ৰেণীবৰ্জন কাৰ্যসূচী প্ৰত্যাহাৰ কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থাৰ

উল্লেখ যোগ্য, কাৰ্বি আংলং জিলা প্ৰাথমিক শিক্ষক সন্থাই অনলাইন আৰু অফলাইন দৰমহাৰ মেৰপেচত পৰি বিগত চাৰি মাহে দৰমহাৰ পৰা বঞ্চিত হৈ আহিছিল ৷ যাৰ বাবে অহা ১ ছেপ্তেম্বৰৰ পৰা জিলাখনত কাপটায়ে শ্ৰেণী বৰ্জনৰ কাৰ্যসূচী হাতত লৈছিল ৷ জিলাখনৰ মুঠ ১১ টা শিক্ষাখণ্ডৰ প্ৰতিটোতে সুকীয়া সুকীয়ীকৈ তিনিদিনৰ ভিতৰত শিক্ষক সকলৰ তথ্য অনলাইনত সন্নিবিষ্ট কৰা হ'ব ৷ সেই অনুসৰি ছেপ্তেম্বৰৰ দ্বিতীয়াৰ্দ্ধৰ ভিতৰতে শিক্ষক সকলে দৰমহা লাভ কৰিব বুলি মন্তব্য কৰে সাধাৰণ সম্পাদক গৰাকীয়ে ৷ ইয়াৰ সমান্তৰালকৈ জিলাখনৰ প্ৰাথমিক শিক্ষক সকলৰো অনলাইন দৰমহা লাভ কৰাৰ পথ প্ৰশস্ত হৈছে সেয়ে আন্দোলনৰ কোনো প্ৰয়োজন নাই বুলি উল্লেখ কৰে ৷

ABOUT THE AUTHOR

...view details