ডিফু,৭ ডিচেম্বৰ :কাৰ্বি আংলঙৰ শ্বহীদ পৰিয়াললৈ বিশেষ সাহায্য আগবঢ়ালে কাৰ্বি স্বায়ত্ত্ব শাসিত পৰিষদে (Financial assistance to martyred families of Karbi Anglong)। স্বায়ত্ত্ব শাসিত ৰাজ্যৰ নামত প্ৰাণ আহুতি দিয়া শ্বহীদৰ পৰিয়ালক ৫ লাখকৈ টকাৰ চেক প্ৰদান কৰিলে পৰিষদে । কাৰ্বি আংলঙত বিভিন্ন সময়ত হোৱা সংঘাতৰ ফলত কাৰ্বি, ডিমাচা, কুকি, ৰেংমা নগা আদি লোকসকল নিহত হ'বলগীয়া হৈছিল । সেই নিৰীহ লোকসকলৰ ত্যাগক স্মৰণ কৰি চৰকাৰে প্ৰদান কৰিছে এই সাহায্য ।
মঙলবাৰে পৰিষদৰ পুৰণি সচিবালয়ৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত শ্বহীদৰ পৰিয়ালক প্ৰদান কৰা হয় এই এককালীন সাহায্যৰ চেক । মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপস্থিতিত মুঠ ২৭ গৰাকী শ্বহীদৰ পৰিয়ালক কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদে প্ৰদান কৰে এই আৰ্থিক সাহায্য । ইয়াৰ লগতে কোনো কাৰণত যদি কোনো শ্বহীদ পৰিয়াল এই সাহায্যৰ পৰা বঞ্চিত হৈছে তেওঁলোককো এই মাহৰ ভিতৰতে সাহায্য প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ।