ডিফু, 14 ফেব্ৰুৱাৰী : কাৰ্বি আংলং জিলাৰ শ্বহীদ পৰিয়াল আৰু এপিএছচিৰ মূল পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া প্ৰাৰ্থী সকলক কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ (Karbi Anglong Autonomous Council) ৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে এক কালীন সাহায্য ৷ সোমবাৰে এক অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ উপস্থিত থাকি এই সাহায্য সমূহ বিতৰণ কৰে ৷
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নতুন সচিবালয়ৰ আলোচনা কক্ষত আয়োজিত হোৱা এক বিশেষ অনুষ্ঠানত স্বায়ত্ত ৰাজ্য দাবী আন্দোলন আৰু বিভিন্ন সময়ত কাৰ্বি আংলং জিলাত সংঘটিত হোৱা ভাতৃঘাতী সংঘৰ্ষত প্ৰাণ হেৰুওৱা 38 টা শ্বহীদ পৰিয়ালৰ মাজত পাঁচ লাখ টকাৰ এককালীন সাহায্যৰ চেক সমূহ প্ৰদান কৰা হয় (KAAC provided financial assistence to martyre family) ৷