অসম

assam

By

Published : Dec 11, 2021, 10:55 PM IST

ETV Bharat / state

ডিফুত প্ৰধান শিক্ষক সকলৰৰ সৈতে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মত বিনিময়

ডিফুত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক আৰু উন্নয়ন পৰিচালনা সমিতিৰ সৈতে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদে(karbi anglong autonomous council ) মত বিনিময় কৰে ৷ 10 ডিচেম্বৰত এই মত বিনিময়ৰ লগত সংগতি ৰাখি মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙ( Tuliram Ronghang meets teachers in Diphu)ৰ সভাপতিত্বত এক সমাৰোহ অনুষ্ঠিত হৈ যায় ৷

KAAC meets headmasters of schools in Diphu
ডিফুত প্ৰধান শিক্ষক সকলৰৰ সৈতে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মত বিনিময়

ডিফু, 11 ডিচেম্বৰ: কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়সমূহৰ বিভিন্ন বিষয়ক লৈ এক মত বিনিময় অনুষ্ঠান সম্পন্ন হৈ যায় ৷ উক্ত অনুষ্ঠানত দুয়োখন পাৰ্বত্য জিলাৰ প্ৰায় তিনি সহস্ৰাধিক বিদ্যালয় উন্নয়ন সমিতিৰ বিষয়ববীয়া আৰু প্ৰধান শিক্ষকসকল উপস্থিত থাকি নিজ নিজ বিদ্যালয়ৰ অভাৱ-অভিযোগ আৰু আন্তঃগাথনিৰ ওপৰত মন্তব্য প্ৰকাশ কৰে ৷

সমাৰোহত বিদ্যালয়ৰ আভ্যন্তৰীণ ক্ষেত্ৰ সমূহৰ ওপৰত বিশদ আলোচনা কৰা হয় ৷ জিলাখনৰ সীমামূৰীয়া ৰংতাৰা নামৰ এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক খগেন ইংতি বছৰ বছৰ ধৰি বিদ্যালয়ত উপস্থিত নথকাকলৈ শিক্ষক গৰাকীক মঞ্চলৈ মাতি আনি জবাবদিহি কৰা হয় ৷ শিক্ষক গৰাকীয়ে নিজৰ স্পষ্টীকৰণত নিয়মীয়াকৈ বিদ্যালয়ত থকাৰ কথা উল্লেখ কৰে ৷ লগতে তেওঁৰ বিৰুদ্ধে মনেসজা বাতৰি পৰিৱেশন কৰা হৈছে বুলি ৰাজহুৱাকৈ প্ৰকাশ কৰে ৷ শিক্ষক গৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ এসপ্তাহৰ ভিতৰত তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰে পৰিষদে ৷

ডিফুত প্ৰধান শিক্ষক সকলৰৰ সৈতে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মত বিনিময়

সমাৰোহক উদ্দেশ্য কৰি জিলাখনৰ তিনিজন বিধায়ক ক্ৰমে বিদ্যাছিং ইংলেঙ, দৰচিং ৰংহাঙ আৰু ৰূপছিঙ টেৰণে জিলাখনৰ শিক্ষাৰ আমুল সংস্কাৰৰ হকে মূল্যৱান বক্তব্য আগবঢ়ায় ৷

পাৰ্বত্য জিলা দুখনৰ বিদ্যালয় সমূহৰ আন্তঃগাথনি নিৰ্মানৰ বাবে কেন্দ্ৰই 40 কোটি টকা প্ৰদান কৰা বুলি উল্লেখ কৰি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় প্ৰতিটো পৰিষদীয় সমষ্টিৰ বিদ্যালয় সমূহৰ সমস্যা সমাধানৰ বাবে পদক্ষেপ লোৱা হৈছে(Tuliram Ronghan on problems of schools ) ৷ শিক্ষক নাটনিকলৈ ব্লক পৰ্যায়ত টেট পৰীক্ষা অনুষ্ঠিত কৰি প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি ৰংহাঙে জানিবলৈ দিয়ে (TET exam in Karbianglang) ৷ তুলিৰাম ৰমহাঙৰ পিতৃও এগৰাকী শিক্ষক আছিল বুলি কৈ শিক্ষক সকলৰ সমস্যাৰ সমাধানৰ প্ৰতি তেওঁ দায়বদ্ধ বুলি মন্তব্য কৰে ৷

জিলাখনত শান্তি হলেহে উন্নয়ন সম্ভৱ হব বুলি কয় তেওঁ ৷ লগতে জিলাখনত লোক সেৱা আয়োগ আৰু এপিএছচি পৰীক্ষাৰ বাবে ছাত্ৰ -ছাত্ৰী সকলৰ প্ৰশিক্ষণ প্ৰদান কৰা হব বুলিও উল্লেখ কৰে ৷ এই মত-বিনিময় অনুষ্ঠানৰ জৰিয়তে পাৰ্বত্য জিলাৰ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ সমস্যা সমূহ গুৰুত্বসহকাৰে সমাধানৰ চেষ্টা কৰা হব বুলি আশ্বাস প্ৰদান কৰে ড৹ তুলিৰাম ৰংহাঙে ৷

লগতে পঢ়ক :MoU for Mineral Exploration : অসম চৰকাৰ আৰু মিনাৰেল এক্সপ্লোৰেচন ক'ৰ্পৰেচনৰ বুজাবুজি চুক্তি

ABOUT THE AUTHOR

...view details