ডিফু, ৬ মে': আগন্তুক কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত (KACC election 2022) ইভিএম নহয়, বেলটহে ব্যৱহাৰ কৰা হ’ব (KAAC election will be held by ballot) ৷ এই কথা আজি স্পষ্ট কৰি দিছে ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত আলোক কুমাৰে (State EC Alok Kumar) ৷ কাৰ্বি পৰিষদৰ নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লবলৈ আজি পশ্চিম কাৰ্বি আংলঙত আহি উপস্থিত হয় ৰাজ্যিক নিৰ্বাচনী আয়ুক্তগৰাকী । আয়ুক্ত গৰাকীয়ে হামৰেনস্থিত উপায়ুক্তৰ কাৰ্যালয়ৰ সভা কক্ষত এক বৈঠকতো মিলিত হয় ।
বৈঠকত পশ্চিম কাৰ্বি আংলং জিলাৰ উপায়ুক্ত কৃষ্ণা বৰুৱা, অতিৰিক্ত উপায়ুক্ত তাহিদুৰ ৰহমান ,আৰক্ষীৰ মধ্য মণ্ডলৰ উপ-মহা পৰিদৰ্শক সত্যৰাজ হাজৰিকা, আৰক্ষী অধীক্ষক ইমদাদ আলী,অতিৰিক্ত আৰক্ষী অধীক্ষক বলিন দেউৰী, জিলা নিৰ্বাচনী বিষয়াকে ধৰি বহুকেইজন বিভাগীয় বিষয়া উপস্থিত থাকে । আয়ুক্তগৰাকীয়ে আগন্তুক কাৰ্বি পৰিষদৰ নিৰ্বাচনকেন্দ্ৰিক সকলো বিষয় সন্দৰ্ভত বুজ লয় (State EC visits Karbi Anglang before KACC election) ।