অসম

assam

জুনত কাৰ্বি পৰিষদৰ নিৰ্বাচন: ইংগিত আলোক কুমাৰৰ

By

Published : May 7, 2022, 7:34 PM IST

কাৰ্বি পৰিষদৰ নিৰ্বাচনৰ দিন নিশ্চিত কৰা নাই যদিও বৰ্তমানৰ পৰিষদৰ কাৰ্যকাল যিহেতু ৩ জুলাইত শেষ হব সেয়ে জুন মাহৰ মাজভাগৰ ভিতৰতে নিৰ্বাচনৰ সকলো কাম সমাপ্ত কৰিব লাগিব ৷ এই কথা প্ৰকাশ কৰিছে ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত আলোক কুমাৰে (State Election Commissioner Alok Kumar) ৷

kaac-election-may-held-in-june-says-ec
জুনত কাৰ্বি পৰিষদৰ নিৰ্বাচন: ইংগিত আলোক কুমাৰৰ

ডিফু, ৭ মে':আগন্তুক জুলাই মাহৰ প্ৰথম ভাগত সামৰণি পৰিব কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যকাল ৷ সেয়ে সমাগত স্বায়ত্ব শাসিত পৰিষদখনৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি যথা সময়ত স্বচ্ছ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দুদিনীয়া কাৰ্যসূচী লৈ কাৰ্বি আংলং ভ্ৰমণলৈ আহিছে ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত আলোক কুমাৰ (State Election Commissioner Alok Kumar in Karbi Anglong) ৷

জুনত কাৰ্বি পৰিষদৰ নিৰ্বাচন: ইংগিত আলোক কুমাৰৰ

শুকুৰবাৰে পশ্চিম কাৰ্বি আংলঙৰ উপায়ুক্ত কাৰ্যালয়ত উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু বিভাগীয় বিষয়া কৰ্মচাৰীৰ সৈতে বৈঠকত মিলিত হোৱাৰ পিছত শণিবাৰে পুৱা ডিফু উপায়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত পুণৰ এক আন বৈঠকত মিলিত হয় নিৰ্বাচনী আয়ুক্ত গৰাকী ৷ বৈঠকত কাৰ্বি আংলং জিলাৰ উপায়ুক্ত দিবাকৰ নাথ, আৰক্ষীৰ মধ্য মণ্ডলৰ উপ-মহা পৰিদৰ্শক সত্যৰাজ হাজৰিকা, আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং, জিলা নিৰ্বাচনী বিষয়াকে ধৰি বহুকেইজন বিভাগীয় বিষয়া উপস্থিত থাকে ।

আয়ুক্ত গৰাকীয়ে আগন্তুক কাৰ্বি পৰিষদৰ নিৰ্বাচনকেন্দ্ৰিক সকলো বিষয় বুজ লয় (EC of Assam meeting with district administration) । স্বচ্ছ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ বৈঠকত আলোচনা কৰাৰ উপৰিও প্ৰশাসনিক দিশৰ ওপৰতো অধিক গুৰুত্ব প্ৰদান কৰা হয় ।

বৈঠকৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত আয়ুক্ত গৰাকীয়ে কয় যে আগন্তুক কাৰ্বি পৰিষদৰ নিৰ্বাচনৰ দিন নিশ্চিত কৰা নাই যদিও বৰ্তমানৰ পৰিষদৰ কাৰ্যকাল যিহেতু ৩ জুলাইত শেষ হব সেয়ে জুন মাহৰ মাজভাগৰ ভিতৰতে নিৰ্বাচনৰ সকলো কাম সমাপ্ত কৰিব লাগিব (KAAC election may held in June) ৷

লগতে পঢ়ক :আলফা(স্বা)য়ে দুই যুৱকক মৃত্যদণ্ডৰে দণ্ডিত কৰাক লৈ কি ক’লে মুখ্যমন্ত্রীয়ে ?

ABOUT THE AUTHOR

...view details