অসম

assam

ৰংপাংথিৰ গাঁৱত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উচ্ছেদ অভিযান

By

Published : Jul 2, 2022, 2:05 PM IST

Updated : Jul 2, 2022, 2:45 PM IST

ৰংপাংথিৰ গাঁৱৰ চেৰিকালচাৰ বিভাগৰ প্ৰায় ২৫ বিঘা মাটিত ২০১২ চনৰ পৰাই ৩৫ টা জনজাতীয় পৰিয়ালে বসতি স্থাপন কৰিছিল ৷ উক্ত ২৫ বিঘা ভূমি ডিফু ন্যায়িক আদালত নিৰ্মাণ কৰাৰ বাবে আৱণ্টন দিয়া হৈছিল ৷ উক্ত স্থানতেই শনিবাৰে উচ্ছেদ অভিযান চলায় কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে ৷

Karbi Anglong Autonomous Council
ৰংপাংথিৰ গাঁৱত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উচ্ছেদ অভিযান

ডিফু, ২ জুলাই: ডাঃ তুলিৰাম ৰংহাঙৰ নেতৃত্বত ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ(Karbi Anglong Autonomous Council) গঠন হোৱাৰ পিছতে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে জিলাখনত আৰম্ভ হৈছে উচ্ছেদ অভিযান ৷ ডিফু-লামডিং পথৰ চাৰি কিলোৰ ৰংপাংথিৰ গাঁৱত শনিবাৰে পুৱা ৭ বজাৰ পৰা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত চলোৱা হয় উচ্ছেদ অভিযান(Eviction Drive Carried Out In Lumding) ৷ উচ্ছেদ অভিযানৰ সময়ত অঞ্চলটোত আৰক্ষী, চি আৰ পি এফ আৰু বন বিভাগৰ বৃহৎ বাহিনী মোতায়েন কৰা হয় ৷

ৰংপাংথিৰ গাঁৱত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উচ্ছেদ অভিযান

বালিৰাম তেৰাং ৰাজহ গাঁৱৰ অন্তৰ্গত ৰংপাংথিৰ গাঁৱৰ চেৰিকালচাৰ বিভাগৰ মাটিত ২০১২ চনৰ পৰাই প্ৰায় ২৫ বিঘা মাটিত ৩৫ টা জনজাতীয় পৰিয়ালে বসতি স্থাপন কৰিছিল ৷ পিছলৈ উক্ত ২৫ বিঘা ভূমি ডিফু ন্যায়িক আদালত নিৰ্মাণ কৰাৰ বাবে আৱণ্টন দিয়া হৈছিল ৷ উক্ত স্থান বেদখলমুক্ত কৰিবলৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছে ৷

এই গোচৰৰ ভিত্তিত WP(C)/722/2022 নিৰ্দেশনামৰ্মে ৰংপাংথিৰ গাঁৱৰ বেদখলকাৰীলৈ জাননী জাৰি কৰা হৈছিল ৷ সেইমৰ্মেই শনিবাৰে পুৱা বৃহৎ নিৰাপত্তাৰক্ষীলৈ উক্ত স্থানত পৰিষদে উচ্ছেদ অভিযান চলায় ৷ প্ৰশাসনৰ এই উচ্ছেদ অভিযানকলৈ অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ কণ কণ শিশুৰ পৰা আবাল বৃদ্ধ-বণিতাই উচ্ছেদস্থলীত হাতে হাতে প্লেকাৰ্ড প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

ৰংপাংথিৰ গাঁৱত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উচ্ছেদ অভিযান

প্ৰতিবাদকাৰী সকলে 'মানৱতাৰ খাতিৰত উচ্ছেদ নকৰিব, বিজেপি গ' বেক আদি শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে ৷ উক্ত উচ্ছেদ কাৰ্যত গাঁওবাসীয়ে প্ৰথমতে বাধা দিয়াৰ লগতে আৰক্ষীৰ সৈতে তৰ্ক যুদ্ধতো লিপ্ত হৈছিল যদিও পিছলৈ উচ্ছেদিতসকলে নিজে নিজে ঘৰৰ টিনপাত আৰু আচবাব আঁতৰাই নিয়া পৰিলক্ষিত হয় ৷ উচ্ছেদস্থলীত দণ্ডাধীশ গুঞ্জন শৰ্মাও উপস্থিত থাকে ৷

লগতে পঢ়ক :শিলসাঁকোৰ উচ্ছেদিত লোকৰ পুনঃসংস্থাপনৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

Last Updated : Jul 2, 2022, 2:45 PM IST

ABOUT THE AUTHOR

...view details