ডিফু,৭ ফেব্ৰুৱাৰী: দেওবাৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ডিফুত বিভিন্ন উন্নয়নমূলক কামৰ স্থান পৰিদৰ্শন কৰে । ২ ফেব্ৰুৱাৰীত ডিফু চিকিৎসা মহাবিদ্যালয় পাঠদান কাৰ্যসূচীৰ শুভাৰম্ভনি কাৰ্যসূচীত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰীয়ে সদৰ চহৰ ডিফুত বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণৰ বাবে ১০০ কোটি টকা ব্যয় সাপেক্ষে ১০ টাকৈ আঁচনিৰ আধাৰশিলা স্থাপন কৰিছল ৷
উক্ত আঁচনিসমূহৰ শীঘ্ৰে বাস্তৱায়িত কৰিবলৈ সমূহ দলৰ সৈতে প্ৰতিটো কামৰ স্থানসমূহ পৰিদৰ্শন কৰে । এই পৰদৰ্শন কালচোৱাত ঠিকাদাৰসকলৰ লগত আলোচনা মৰ্মে এবছৰৰ ভিতৰত কামসমূহ সমাপ্ত কৰিবলৈ প্ৰতিশ্ৰুতি আদায় কৰে ।