ডিফু, 29 ছেপ্টেম্বৰ : কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে এশ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ তুলি বিগত কেইটামান দিন ধৰি বিৰোধী কংগ্ৰেছ দলে ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাৰ সময়তে শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ৷ শুকুৰবাৰে ডিফুত সাংবাদিকে এই সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে এই অভিযোগক পোনছাটেই নস্যাৎ কৰাৰ লগতে কংগ্ৰেছ আৰু এপিএইচএলচি দলৰ তিনি সদস্যই এই সন্দৰ্ভত ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদন জনোৱাৰ পিছত আদালতে ক্লীন চিট প্ৰদান কৰা বুলি মন্তব্য কৰে ৷
আনহাতে কংগ্ৰেছ দলে দাবী কৰাৰ দৰে চিবিআই তদন্তৰ বাবে সম্পূৰ্ণ সাজু বুলি দাবী কৰে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ৷ মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙৰ পত্নীৰ নামো দুৰ্নীতিত জড়িত থকা বুলি উত্থাপিত অভিযোগৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে তেওঁৰ পত্নী এগৰাকী চৰকাৰী চাকৰিয়াল ৷ তেওঁৰ পত্নীৰ নামত এক টকাৰো ঠিকাদাৰীৰ প্ৰমাণ দিব পাৰিলে ৰাজনৈতিক জীৱনৰ পৰা সন্ন্যাস লʼব বুলি বিৰোধীৰ আক্ৰমণক প্ৰত্যাহ্বান জনায় কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ৷ লগতে সংবাদ মাধ্যমৰ আগত বিৰোধী কংগ্ৰেছ দলক কঠোৰ ভাষাৰে সমালোচনা কৰে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে ৷
বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ পিতৃ মুখ্যমন্ত্ৰী থকাৰ সময়ত মাজনিশা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ গেটত তলা ওলোমাই দিয়া বুলি উল্লেখ কৰি ইয়াৰ বাবে বিৰোধী নেতাগৰাকীয়ে আজি কাৰ্বি আংলং জিলাবাসীৰ ওচৰত ক্ষমা খুজিব লাগে বুলি দাবী কৰে ৷ কংগ্ৰেছৰ শাসনকালতে কাৰ্বি আংলঙত সৰ্বাধিক হিংসা সংঘটিত হোৱাৰ লগতে বিভিন্ন উগ্ৰপন্থী সংগঠনৰ জন্ম হোৱাৰ বিপৰীতে বিজেপিৰ আমোলত এই উগ্ৰপন্থী সংগঠনসমূহৰ সৈতে আলাপ আলোচনাৰ মাজেৰে শান্তি চুক্তি স্বাক্ষৰ কৰি স্থায়ী শান্তিৰ বাতাবৰণ গঢ়ি তোলা বুলি মন্তব্য আগবঢ়ায় ৷ কংগ্ৰেছৰ শাসনত ৰেংমা নাগা-কাৰ্বি, কাৰ্বি -কুকি, কাৰ্বি -ডিমাচা আদি গোষ্ঠীসংঘাত হোৱাৰ বিপৰীতে বিজেপিৰ আমোলত জিলাখনত কোনো ভাতৃঘাতী সংঘৰ্ষৰ ঘটনা সংঘটিত হোৱা নাই বুলি ৰংহাঙে দাবী কৰে ৷