ডিফু, 15 ফেব্ৰুৱাৰী :ডিফুৰ সাহিত্য ক্ষেত্ৰৰ অমূল উন্নয়নৰ লক্ষ্যৰে সোমবাৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰষদৰ তৰফৰ পৰা কেইবাটাও গুৰুত্বপূর্ণ প্ৰকল্পৰ শুভাৰম্ভ কৰা হয় । কাৰ্বি যুৱ মহোৎসৱৰ আৰম্ভণিৰ দিনটোতে আজি কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই প্ৰকল্পসমূহৰ শুভাৰম্ভ কৰে ।
অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙৰ সমগ্ৰ সৃষ্টিৰাজীৰ লগতে বিভিন্ন সময়ত সাহিত্যিকগৰাকীয়ে উপহাৰ হিচাপে লাভ কৰা গ্ৰন্থসমূহ সংৰক্ষণৰ বাবে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ তৰফৰ পৰা এটা সংগ্ৰহালয় নির্মাণ কৰা হৈছিল । আজি সাহিত্য ভৱন শীর্ষক এই গ্ৰন্থাগাৰ আৰু সংগ্ৰহালয়টোৰ উদ্বোধন কৰি আনুষ্ঠানিকভাৱে সাহিত্যিক গৰাকীক অর্পণ কৰা হয় ।
গ্ৰন্থাগাৰ আৰু সংগ্ৰহালয়টোৰ উদ্বোধনৰ পাছত নিজা অনুভৱ প্ৰকাশ কৰি বৰেণ্য সাহিত্যিক গৰাকীয়ে এটা সপোনে পূৰ্ণতা পালে বুলি মন্তব্য কৰে ৷ তেওঁ লগতে ইয়াৰ বাবে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদক ধন্যবাদ জনায় । কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কার্যবাহীগৰাকীয়ে ৰংবং তেৰাঙৰ গ্ৰন্থাগাৰ আৰু সংগ্ৰহালয়টোৰ পৰিচালনৰ বাবে প্ৰয়োজন হোৱা পুঁজি আৰু চতুর্থ শ্ৰেণীৰ কর্মচাৰীৰ ব্যবস্থা কৰা হ’ব বুলি জানিবলৈ দিয়ে ।