ডিফু,10ছেপ্টেম্বৰ: বুধবাৰে ডিফুত কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজিত হয় আধাৰশিলা স্থাপনৰ এক অনুষ্ঠান ৷ অনুষ্ঠানটিত ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থা প্ৰকল্পৰ বহু সুবিধাযুক্ত আন্তর্জাতিক মানদণ্ডৰ এখন ইনড'ৰ ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰা হয় ৷ এই অনুষ্ঠানত তুলিৰাম ৰংহাং,লংকি তিমুৎ,ৰীতেশ ইংহিৰ লগতে পৰিষদৰ কেইবাগৰাকী কাৰ্যবাহী সদস্য উপস্থিত থাকে ৷
ডিফুত আন্তর্জাতিক মানদণ্ডৰ ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন তুলিৰাম ৰংহাঙে অনুষ্ঠানখনত উপস্থিত থাকি ইনড'ৰ ষ্টেডিয়ামখনত উপলব্ধ হ'বলগীয়া বিভিন্ন সা-সুবিধা সম্পৰ্কে বাখ্যা আগবঢ়াই ৷ এই ষ্টেডিয়ামখনত টেবুল টেনিচ, কাৰাটে, ডবাখেল আদিৰ বাবে ছটা সুকীয়া কোঠা, এশ আসনবিশিষ্ট এটা আলোচনা কক্ষ, কার্যালয়, ভোজনালয়ৰ লগতে 6খন ব্যৱসায়ীক প্ৰতিষ্ঠান নির্মাণৰ কথা উল্লেখ কৰে ৷
ডিফুত আন্তর্জাতিক মানদণ্ডৰ ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন অন্য এক খবৰৰ বাবে: চৰাইদেউত পিস্তলসহ আটক দুই যুৱক
তিনি মহলীয়া অত্যধুনিক ষ্টেডিয়ামখনত থাকিব ১২০০ লোকে বহিব পৰা এটা বৃহৎ কোঠা ৷ ইয়াৰ লগতে উক্ত হলত বেডমিন্টন, বাস্কেটবল, ভলীবল,আইদ খেলৰ সুবিধা থাকিব ৷ ষ্টেডিয়ামটোৰ সৈতে সংযুক্ত থাকিব চাৰি হাজাৰ আসনযুক্ত এখনি মুকলি মঞ্চ।
আনকি, ষ্টেডিয়ামখনত অত্যাধুনিক সা-সুবিধাৰে এক ভিভিআপি গেলেৰীৰো ব্যবস্থা কৰা হৈছে । কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ অন্তর্গত ২৬ টা পৰিষদীয় সমষ্টিটোত দহ কোটিকৈ টকা ব্যয় সাপেক্ষে নির্মাণকার্য চলি থকা এই ষ্টেডিয়ামটোৰ নির্মাণকার্য অহা অক্টোবৰত সম্পূর্ণ হ'ব বুলি জানিবলৈ পোৱা গৈছে ।