অসম

assam

ETV Bharat / state

তুলিৰাম ৰংহাঙলৈ 'প্ৰয়াত ছাৰচিং টেৰণ হাবে সমন্বয় বঁটা' - 'প্ৰয়াত ছাৰচিং টেৰণ হাবে সমন্বয় বঁটা'

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙলৈ আগবঢ়োৱা হৈছে 'প্ৰয়াত ছাৰচিং টেৰণ হাবে সমন্বয় বঁটা' । সোমবাৰে ডিফুৰ ৰাংছিনা ভৱনৰ উদ্বোধনী অনুষ্ঠানত তুলিৰাম ৰংহাঙক এই বঁটাৰে সন্মানিত কৰা হয় ।

তুলিৰাম ৰংহাঙলৈ 'প্ৰয়াত ছাৰচিং তেৰাং হাবে সমন্বয় বঁটা'
তুলিৰাম ৰংহাঙলৈ 'প্ৰয়াত ছাৰচিং তেৰাং হাবে সমন্বয় বঁটা'

By

Published : Feb 15, 2021, 7:41 PM IST

ডিফু, ১৫ ফেব্ৰুৱাৰী: 'প্ৰয়াত ছাৰচিং টেৰণ হাবে সমন্বয় বঁটা'ৰে সন্মানিত কৰা হ'ল কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক। অসম সাহিত্য সভাৰ কাৰ্বি আংলং জিলা সমিতিৰ হৈ হাৱাইপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দেওবাৰে তেখেতক এই বঁটা প্ৰদান কৰা হয় । উক্ত অনুষ্ঠানত মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ অনুপস্থিতিত এই বঁটা গ্ৰহণ কৰে ডিফু সাহিত্য সভাৰ সম্পাদক জয়ছিং টকবীয়ে ৷

সোমবাৰে ডিফু ৰাংছিনা ভৱনৰ আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠানত তুলিৰাম ৰংহাঙক এই বঁটা প্ৰদান কৰে বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী ৰংবং তেৰাঙে ৷ জনগোষ্ঠীয় গামোছা, শৰাই, খুৰকী জাপি আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় তুলিৰাম ৰংহাঙক ৷

তুলিৰাম ৰংহাঙলৈ 'প্ৰয়াত ছাৰচিং টেৰণ হাবে সমন্বয় বঁটা'

উল্লেখ্য যে, প্ৰয়াত ছাৰচিং টেৰণ কাৰ্বি আদৰবাৰৰ প্ৰতিষ্ঠাপক সভাপতি আছিল । তেওঁৰ সোঁৱৰণত উছৰ্গিত বঁটা লাভ কৰি আনন্দিত হৈ পৰিছে বুলি মন্তব্য কৰিলে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ।

লগতে পঢ়ক:জুৰীয়াত পানীত পৰি মৃত্যুক সাৱটি লয় তিনিবছৰীয়া শিশুৱে

ABOUT THE AUTHOR

...view details