ডিফু,২৩ জুন:৭২ টা বৰ্ষ অতিক্ৰম কৰিলে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে । সেই উদ্দেশ্যে পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস । দেশৰ ভিতৰতে পুৰণি স্বায়ত্তশাসিত পৰিষদ ৰূপে পৰিচিত কাৰ্বি আংলং জিলা পৰিষদ গঠন হৈছিল ১৯৫২ চনৰ ২৩ জুন তাৰিখে ।
১৯৯৫ চনৰ ১ এপ্ৰিলত সম্পন্ন হোৱা ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তিৰ জৰিয়তে পৰিষদখনলৈ অধিক ক্ষমতা হস্তান্তৰ কৰি স্বায়ত্তশাসিত পৰিষদলৈ উন্নীত কৰা হৈছিল । কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এই দীঘলীয়া পৰিক্ৰমাক ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱসত শ্ৰদ্ধা সহকাৰে স্মৰণ কৰা হয় । দিৱসটিৰ কাৰ্যসূচীৰ অংশ হিচাপে পুৱাতে দুই পাহাৰীয়া জিলাত প্ৰায় ৮০ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ সম্পূৰ্ণ কৰা কেইবাটাও আঁচনি উদ্বোধন কৰাৰ উপৰি ডংকামোকাম ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজন কৰা হয় এখনি মুকলি সভা ।
লগতে পঢ়ক:Sahitya Akademi Award 2023: ৰথীন্দ্ৰ নাথ গোস্বামীলৈ শিশু সাহিত্য অকাদেমী বঁটা