অসম

assam

ETV Bharat / state

কাৰ্বি আংলং আৰক্ষীক সম্বৰ্ধনা জ্ঞাপন বীমা কোম্পানীৰ - আংলং আৰক্ষীক সম্বৰ্ধনা

গাড়ী চুৰি চক্ৰৰ বিৰুদ্ধে ধাৰবাহিকভাৱে সফল অভিযান চলাই অহা কাৰ্বি আংলং আৰক্ষীক সম্বৰ্ধনা জ্ঞাপন কৰিলে এইছ ডি এফ চি জেনেৰেল ইঞ্চুৰেঞ্চ কৰ্পৰেছন লিমিটেডে । কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী, উপ-আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা, মাঞ্জা থানাৰ ভাৰপ্রাপ্ত বিষয়া জিতুমণি ডেকাক সম্বর্ধনা জনায় বীমা কোম্পানীটোৰ উপাধ্যক্ষ জীৱন বাটছাই ।

কাৰ্বি আংলং আৰক্ষীক সম্বৰ্ধনা জ্ঞাপন বীমা কোম্পানীৰ
কাৰ্বি আংলং আৰক্ষীক সম্বৰ্ধনা জ্ঞাপন বীমা কোম্পানীৰ

By

Published : Mar 19, 2021, 8:40 PM IST

ডিফু, ১৯ মার্চ: বিগত কেইটামান বছৰত আন্তঃৰাজ্যিক গাড়ী চোৰ চক্রৰ বিৰুদ্ধে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হৈছে কাৰ্বি আংলং আৰক্ষী । জিলাখনৰ আৰক্ষীৰ এনে সাহসী কাৰ্যক উৎসাহিত কৰাৰ বাবে শুক্ৰবাৰে এইছ ডি এফ চি ই আৰ জি অ' জেনেৰেল ইঞ্চুৰেঞ্চ কৰ্পৰেছন লিমিটেডে কেইবাগৰাকীও আৰক্ষী বিষয়াক সম্বৰ্ধনা জ্ঞাপন কৰে ।

কাৰ্বি আংলং আৰক্ষীক সম্বৰ্ধনা জ্ঞাপন বীমা কোম্পানীৰ

উল্লেখ্য যে, কার্বি আংলঙৰ মাজেৰে পাৰ হৈ যােৱা উত্তৰ-পূৱ সংযােগী ৰাষ্ট্রীয় ঘাইপথেৰে আন্তঃৰাজ্যিক গাড়ী চোৰ চক্রই দেশৰ বিভিন্ন প্রান্তৰ পৰা চুৰি কৰি অনা বাহনসমুহ সৰবৰাহ কৰি আহিছিল ।

কাৰ্বি আংলং আৰক্ষীক সম্বৰ্ধনা জ্ঞাপন বীমা কোম্পানীৰ

কিন্তু শেহতীয়াকৈ কাৰ্বি আংলং আৰক্ষীয়ে সঘনাই অভিযান চলাই গাড়ী চুৰি ঘটনা হ্ৰাস কৰাত সফল হৈছে ।

কাৰ্বি আংলং আৰক্ষীক সম্বৰ্ধনা জ্ঞাপন বীমা কোম্পানীৰ

আৰক্ষীৰ এনে অভিযানত বহু লাখটকীয়া বিলাসী বাহনকে ধৰি বহু সংখ্যক চুৰি বাহন জব্দ হৈছে । লগতে গাড়ী চুৰিৰ সৈতে জড়িত বহু লোককো আৰক্ষীয়ে হাতে-লোটে জালত পেলাবলৈ সক্ষম হৈছে ।

কাৰ্বি আংলং আৰক্ষীক সম্বৰ্ধনা জ্ঞাপন বীমা কোম্পানীৰ

বিগত সময়ছােৱাত চুৰি বাহন উদ্ধাৰ কৰি গাড়ী চোৰ চক্রৰ বিৰুদ্ধে একপ্রকাৰ ত্ৰাসৰ সৃষ্টি কৰা কার্বি আংলং জিলা আৰক্ষীৰ কেইবাগৰাকীও বিষয়াক শুক্ৰবাৰে সম্বর্ধনা জনায় এইছ ডি এফ চি ই আৰ জি অ' জেনেৰেল ইঞ্চুৰেঞ্চ কৰ্পৰেছন লিমিটেডৰ উপাধ্যক্ষ জীৱন বাটছাই ।

কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী, উপ-আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা, মাঞ্জা থানাৰ ভাৰপ্রাপ্ত বিষয়া জিতুমণি ডেকাক সম্বর্ধনা জ্ঞাপন কৰা হয় । এই অনুষ্ঠানত অসম আৰক্ষীৰ চেন্ট্রেল ৰেঞ্জৰ ডি আই জি সত্যজ হাজৰিকাকো জিলা আৰক্ষী অধীক্ষকৰ জৰিয়তে সম্বৰ্ধনা জনোৱা হয় ৷


লগতে পঢ়ক:লাহৰীঘাটত নিৰ্বাচনলৈ কেনেদৰে আগবাঢ়িছে বিজেপিৰ প্ৰাৰ্থী কিদাৰু জামান জিন্না

ABOUT THE AUTHOR

...view details