ডিফু, 29 মাৰ্চ:বোকাজানৰ বিজেপি প্ৰাৰ্থী ডাঃ নোমল মমিনে কাৰ্বি সংগঠন সমূহক বিৰুপ মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰি ডাঃ মমিনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে কাৰ্বি দল সংগঠন সমূহ ৷ অভিযোগ অনুসৰি একাংশ সামাজিক আৰু বৈদ্যুতিন মাধ্যমত কাৰ্বি আংলঙৰ সংগঠন সমূহক উদ্দেশ্যি ডাঃ মমিনে মৃত, মূল্যহীন, দালাল, আৰু টকা খোৱা বুলি মন্তব্য কৰিছিল ৷
মমিনৰ এই মন্তব্যৰ পাছতে জাঙুৰ খাই উঠি দেওবাৰে কাৰ্বি আংলঙৰ বিভিন্ন একাংশ সংগঠনে ডিফু চহৰত ডাঃ মমিনৰ প্ৰতিমুৰ্তি দাহ কৰাৰ পাছত সোমবাৰে জিলাখনৰ কাৰবি ফাৰ্মাৰ্চ এছ'চিয়েচন চমুকৈ কেএফএ য়ে কেএফএৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰি বিধায়ক গৰাকীৰ মন্তব্যক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে ৷