অসম

assam

ETV Bharat / state

ক'ভিড-১৯ ৰ পৰা পৰিত্ৰাণৰ বাবে ডিফু ন্যায়িক কৰ্মচাৰী সকলৰ সৰ্বধৰ্ম প্ৰাৰ্থনা - কৰ'ণা

মঙলবাৰে কাৰ্বি আংলং জিলাৰ জিলা ও সত্ৰ ন্যায়াধীশ মঃ আব্দুল হেকমিৰ লগতে বিশ্বত মহামাৰী ক'ভিডৰ সৈতে যুজিঁ থকা ৰোগীসকলৰ আশু আৰোগ্য কামনা কৰি ক'ভিড প্ৰট'কল মানি কাৰ্বি আংলং জিলাৰ ন্যায়িক কৰ্মচাৰী সকলৰ দ্বাৰা এক সৰ্বধৰ্মীয় প্ৰাৰ্থনা আয়োজন কৰে ৷

ক'ভিড-১৯ ৰ পৰা পৰিত্ৰাণৰ বাবে ডিফু ন্যায়িক কৰ্মচাৰী সকলৰ সৰ্বধৰ্ম প্ৰাৰ্থনা
ক'ভিড-১৯ ৰ পৰা পৰিত্ৰাণৰ বাবে ডিফু ন্যায়িক কৰ্মচাৰী সকলৰ সৰ্বধৰ্ম প্ৰাৰ্থনা

By

Published : May 5, 2021, 1:03 PM IST

ডিফু, ৫ মে: বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰা মহামাৰী কাল কৰ'ণাৰ পৰা পৰিত্ৰাণ পাবলৈ সৰ্ব ধৰ্মীয় প্ৰাৰ্থনাৰ আয়োজন কৰিলে ডিফু জিলা ও সত্ৰ ন্যায়াধীশ কাৰ্যালয়ৰ ন্যায়িক কৰ্মচাৰী সকলে ৷ মঙলবাৰে কাৰ্বি আংলং জিলাৰ জিলা ও সত্ৰ ন্যায়াধীশ মহম্মদ আব্দুল হেকমিৰ লগতে বিশ্বত মহামাৰী ক'ভিডৰ সৈতে যুজিঁ থকা ৰোগীসকলৰ আশু আৰোগ্য কামনা কৰি ক'ভিড প্ৰট'কল মানি কাৰ্বি আংলং জিলাৰ ন্যায়িক কৰ্মচাৰী সকলৰ দ্বাৰা এক সৰ্ব ধৰ্মীয় প্ৰাৰ্থনা আয়োজন কৰে ৷

ক'ভিড-১৯ ৰ পৰা পৰিত্ৰাণৰ বাবে ডিফু ন্যায়িক কৰ্মচাৰী সকলৰ সৰ্বধৰ্ম প্ৰাৰ্থনা

উক্ত প্ৰাৰ্থনা সভাত ইছলাম ধৰ্মীয় দোৱা, খ্ৰীষ্টান ধৰ্মাৱলীৰ প্ৰাৰ্থনা আৰু হিন্দু ধৰ্মৰ প্ৰাৰ্থনা কৰি বিশ্ববাসীৰ মংগলাৰ্থে প্ৰাৰ্থনা কৰে ৷ ইছলাম ধৰ্মৰ হৈ ৰেকিবুদ্দিন লস্কৰ, কুটুবুদ্দিন আহমেদ, ছফিকুল ইছলামে দোৱাৰ কৰাৰ লগতে খ্ৰীষ্টীয়ান ধৰ্মৰ হৈ হাউপু হাউলাই, ছেৰদিসোণ টেৰণপীয়ে আৰু হিন্দু ধৰ্মৰ হৈ পংকজ শৰ্মা, দ্বীপজ্যোতি চহৰীয়া, ধ্ৰুৱজ্যোতি শৰ্মা, প্ৰভাত পাঠৰীৰ লগতে অন্যান্য ন্যায়িক কৰ্মচাৰী সকলে সহযোগ কৰে ৷

লগতে পঢ়ক:কৰিমগঞ্জত মুছলমান যুৱকে সৎকাৰ কৰিলে হিন্দু লোকক

ABOUT THE AUTHOR

...view details