ডিফু,২৮ মে': কাৰ্বি আংলং জিলাত কৰ'ণাৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিষেধক প্ৰদানৰ বিশেষ কাৰ্যসূচী হাতত লোৱা হৈছে । শুকুৰবাৰে জিলাখনৰ সংবাদকৰ্মী আৰু ৰে’লকৰ্মী সকলে ডিফু ৰে’ল ষ্টেচনত প্ৰতিষেধক গ্ৰহণ কৰে ।
কাৰ্বি আংলং জিলা প্ৰেছ ক্লাৱ আৰু তথ্য আৰু জনসংযোগ বিষয়াৰ আবেদনৰ ভিত্তিত জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিন্হাই ক'ভিড যোদ্ধা হিচাপে সংবাদ কৰ্মীসকলৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ সহযোগত ক’ভিশ্বিল্ড প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰে ৷