ডিফু, ৩ ডিচেম্বৰ : অস্বাস্থ্যকৰ পৰিৱেশত যোগান ধৰা খাদ্যৰ এক বাতৰি পোহৰলৈ আনিবলৈ গৈ ব্যৱসায়ীৰ ৰোষত পৰে দুই সাংবাদিক ৷ ৰজ্যৰ বিভিন্ন প্রান্তত সাংবাদিকৰ ওপৰত নির্যাতনৰ ঘটনা উদ্বেগজনক হাৰত বৃদ্ধি পাবলৈ লােৱাৰ সময়তে কাৰ্বি আংলং জিলাৰ বােকাজানত বাতৰি সংগ্রহৰ বাবে যােৱা দুগৰাকী সাংবাদিকৰ ওপৰত অসাধু ব্যৱসায়ীচক্রই প্রাণঘাটী আক্রমণ সংঘটিত কৰে ৷ এই ঘটনাক কেন্দ্র কৰি জিলাখনত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে ।
প্রাপ্ত তথ্য অনুসৰি, বােকাজানৰ লাহৰিজানস্থিত কেক স্কোৱেৰ বেকাৰী নামৰ বেকাৰীখনত অস্বাস্থ্যকৰ পৰিবেশত খাদ্য সামগ্রী প্রস্তুত হােৱাৰ অভিযােগ উত্থাপিত হােৱাৰ সময়তে যােৱা ১ ডিচেম্বৰ নিশা বােকাজানৰ এটা সাংবাদিকৰ দল আৰক্ষীৰ উপস্থিতিত বেকাৰীটোৰ ভিতৰত প্রৱেশ কৰে । বেকাৰীটোৰ ভিতৰত ভয়ংকৰভাৱে অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য সামগ্রী প্রস্তুত কৰাৰ লগতে এক ডিচেম্বৰতে তিনি ডিচেম্বৰৰ তাৰিখৰ ভালেসংখ্যক ব্রেড (পাউৰুটি)ৰ পেকেট প্রত্যক্ষ কৰি সাংবাদিকৰ দলটোৱে লগে লগে ফটো আৰু ভিডিঅ সংগ্রহ কৰে । ইয়াৰ লগে লগে সাংবাদিকৰ দলটোৰ বিৰুদ্ধে অগ্নিশর্মা হৈ পৰা বেকাৰীখনৰ মালিকপক্ষই সাংবাদিকৰ দলটোক অশ্নীল ভাষাৰে গালি গালাজ কৰাৰ লগতে বােকাজানৰ সাংবাদিক প্রকাশ গগৈ আৰু নৰেন হাজৰিকাক শাৰিৰীকভাবেও প্রহাৰ কৰে । ইমানতে ক্ষান্ত নাথাকি বেকাৰীটোৰ মালিকপক্ষৰ নির্দেশত প্রায় ১৫/২০ জনীয়া এটা গুণ্ডাৰ দলে দুয়ােগৰাকী সাংবাদিককে বেয়াকৈ প্রহাৰ কৰি অতি গুৰুতৰভাবে আহত কৰে ।
পিছত একাংশ সতীর্থ সাংবাদিকৰ হস্তক্ষেপতহে সাংবাদিকগৰাকীৰ কোনােমতে প্রাণ ৰক্ষা পৰে । ঘটনাটোৱে পাহাৰীয়া জিলাখনত স্বাভাৱিকতে তীব্র প্রতিক্রিয়াব সৃষ্টি কৰিছে । কার্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়েও বুধবাৰে টেলিফোনযােগে সাংবাদিক দুগৰাকী অৱস্থাৰ বুজ লােৱাৰ লগতে দোষীক শাস্তি প্রদান কৰাৰ আশ্বাস প্রদান কৰা বুলি জানিব পৰা গৈছে । বােকাজানৰ দুই সাংবাদিক অর্জুন থাপা আৰু নৰেন হাজৰিকাই এই সন্দর্ভত খটখটী আৰক্ষী থানাত দাখিল কৰা দুখন সুকীয়া এজাহাৰৰ ভিত্তিত ইতিমধ্যে গােচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷