অসম

assam

ETV Bharat / state

ডিফুত আলোচনাপন্থী উগ্ৰপন্থী সংগঠনৰ যৌথ সংবাদমেল - ডিফুত আলোচনাপন্থী উগ্ৰপন্থী সংগঠনৰ যৌথ সংবাদমেল

আলোচনাপন্থী উগ্ৰপন্থী সংগঠনৰ সৈতে চৰকাৰৰ শান্তি চুক্তি নোহোৱাকলৈ যৌথ সংবাদমেল কেইবাটাও সংগঠনৰ । কাৰিকৰী অসুবিধাৰ বাবে শান্তি চুক্তি নোহোৱাৰ কথা স্বীকাৰ কৰে সংগঠন কেইটাই । তেওঁলোকৰ দাবী অতি শীঘ্ৰে শান্তি চুক্তি সম্পন্ন হ'ব ।

ডিফুত আলোচনাপন্থী উগ্ৰপন্থী সংগঠনৰ যৌথ সংবাদমেল
ডিফুত আলোচনাপন্থী উগ্ৰপন্থী সংগঠনৰ যৌথ সংবাদমেল

By

Published : Feb 26, 2021, 8:46 PM IST

ডিফু, ২৬ ফেব্ৰুৱাৰী: ২৫ ফেব্ৰুৱাৰীত ডেনগাঁৱৰ নুৰাক আক্লামত বিজেপিৰ জন সমাৰোহত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত জিলাখনৰ আলোচনাপন্থী উগ্ৰপন্থী সংগঠনৰে বহু প্ৰত্যাশিত শান্তি চুক্তি সম্পন্ন নোহোৱাক কেন্দ্ৰ কৰি জিলা খনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । শুকুৰবাৰে এই বিষয়লৈ জিলাখনৰ অন্যতম আলোচনা পন্থী উগ্ৰপন্থী সংগঠন কেএনএলএফ, ইউপিএলএ, কেপিএলটি (আৰ) আৰু কেপিএলটি (ডি) য়ে ডিফুৰ ৰংবিন আক্লামৰ কেএনএলএফৰ অধ্যক্ষ পি দিলিৰ বাসগৃহত এক সংবাদমেলৰ আয়োজন কৰা হয় । যৌথ সংগঠনৰ হৈ কেএনএলএফৰ বিত্ত সচিব ৰেজাক ডেৰাই সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, বিভিন্ন ৰাজনৈতিক,অৰাজনৈতিক দল-সংগঠনে উল্লেখিত শান্তি চুক্তিকলৈ বিভ্ৰান্তি মূলক আৰু প্ৰৰোচনামূলক মন্তব্য কৰি পৰিস্থিতি অশান্তিময় কৰি তুলিছে ৷ তেনে কাৰ্য নকৰিবলৈ দল-সংগঠনসমূহক অনুৰোধ জনাই সংগঠনকেইটাই । কিয়নো তেওঁ জনোৱা মতে শান্তি চুক্তি এক ঐতিহাসিক ৰূপত অতি শীঘ্ৰে সম্পন্ন হ'ব ৷ ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰে জিলাখনৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ ক্ষীপ্ৰতাৰে নিষ্পত্তি কৰিবলৈ আগবাঢ়ি অহা বিষয়টো আদৰণীয় বুলি মন্তব্য কৰে নেতাগৰাকীয়ে ৷

ডিফুত আলোচনাপন্থী উগ্ৰপন্থী সংগঠনৰ যৌথ সংবাদমেল

যোৱা ২৫ ফেব্ৰুৱাৰীত শান্তি চুক্তি নোহোৱা বিষয়কলৈ নেতা গৰাকীয়ে কয় যে দুই এটা বিষয় অন্তৰ্ভূক্ত নোহোৱা আৰু কিছু কাৰিকৰী সমস্যা থকাৰ বাবে উক্ত দিনা শান্তি চুক্তি সম্ভৱ নহ'ল যদিও শীঘ্ৰে ভাল খবৰলৈ এই চুক্তি সম্পাদন হ'ব ৷ আনহাতে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ আৰু সাংসদ হৰেণছিং বে'ই কাৰ্বি আংলঙৰ দীৰ্ঘদিনীয়া সমস্যাক ভালদৰে পৰ্যবেক্ষণ কৰি আছে সেয়ে দুয়োগৰাকী নেতা প্ৰশংসাৰ যোগ্য বুলিও কয় আলোচনাপন্থী উগ্ৰপন্থী নেতা জনে ৷ সংবাদমেলত কেএলএনএলএফৰ অধ্যক্ষ পি দিলি, সাধাৰণ সচিব থং টেৰণ, ইউপিএলএৰ অধ্যক্ষ ওৱেলেছলি তেৰাঙ, সাধাৰণ সচিব উইন বে' সেনাধ্যৰ নিকুঞ্জ কাথাৰ, কেপিএলটি(আৰ)ৰ অধ্যক্ষ ৰাণ ৰংপি, লতিচাৰী কাংতাং বে, আৰু কেপিএলটি(ডি)ৰ বিত্ত সচিব ৰেক্স ডাইৰি আৰু গৃহ সচিব ছংছাৰ কাথাৰ উপস্থিত থাকে ৷

লগতে পঢ়ক:কেএচিৰ অন্তৰ্ৱৰ্তীকালীন পৰিষদৰ তালিকাঃ অসন্তুষ্টি প্ৰকাশ আক্ৰাছুৰ সভাপতিৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details