অসম

assam

ETV Bharat / state

বিজেপিক পৰাজিত কৰাটোৱে একমাত্ৰ লক্ষ্য কংগ্ৰেছ-এএছডিচিৰ

পশ্চিম কাৰ্বি আংলঙত একত্ৰিত হ’ল ৰাজনৈতিক দল কংগ্ৰেছ-এএছডিচি ৷ যুটীয়া সংবাদমেলত মিলিত হ’ল দুয়োটা দলৰ শীৰ্ষ নেতৃত্ব(Joint press meet of Congress and ASDC) ৷

joint-press-meet-of-congress-and-asdc-in-diphu
সংবাদমেল

By

Published : Apr 30, 2022, 2:16 PM IST

ডিফু, 30 এপ্ৰিল :শুকুৰবাৰে যৌথ সংবাদমেল সম্বোধন ৰাজনৈতিক দল কংগ্ৰেছ-এএছডিচি(Joint press meet of Congress and ASDC) ৰ ৷ পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি ছাৰ্থে ক্ৰামছাই কংগ্ৰেছ দল ত্যাগ কৰি গেৰুৱা দলক আঁকোৱালি লোৱাৰ পিছতে পশ্চিম কাৰ্বি আংলঙত কংগ্ৰেছ আৰু বিৰোধী আঞ্চলিক ৰাজনৈতিক দল একত্ৰিত হোৱাৰ বাতৰি পোৱা গৈছে ৷

বিজেপিক পৰাজিত কৰাটোৱে একমাত্ৰ লক্ষ্য কংগ্ৰেছ-এএছডিচিৰ

প্ৰাপ্ত খবৰ অনুসৰি, আগন্তুক কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনত আঞ্চলিক দল এএচডিচি আৰু কংগ্ৰেছে যৌথভাৱে বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হ’ব(Congress and ASDC alliance in Karbi Anglong) ৷ সেই কথা শুকুৰবাৰে জিলাখনৰ খেৰণিস্থিত মণ্ডল কংগ্ৰেছৰ কাৰ্যালয়ত এক যুটীয়া সংবাদমেলত আনুষ্ঠানিকভাৱে ঘোষণা কৰে কংগ্ৰেছৰ মুখপাত্ৰ ৰেণছিং বে’ আৰু এএছডিচিৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ছাৰছিং ইংলেঙে ৷

ইপিনে, ২৮ এপ্ৰিলত কাৰ্বি ভূমিৰ লৰিংথেপিত অনুষ্ঠিত হৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিশাল জনসভাত যিদৰে জনগণৰ আশা-আকাংক্ষাৰ কথা প্ৰতিফলিত হ’ব লাগিছিল, সেয়া হোৱাৰ সলনি কাৰ্বি ভূমিত ইয়াৰ বিৰূপ প্ৰভাৱ পৰাহে পৰিলক্ষিত হ’ল বুলি কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে সংবাদমেলত উল্লেখ কৰে ৷

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ

লগতে এএছডিচিৰ কেন্দ্ৰ সমিতিৰ সাধাৰণ সম্পাদক গৰাকীয়ে কাৰ্বি আংলঙবাসীৰ ভাৰতীয় সংবিধানৰ ২৪৪ (ক) ধাৰা বলৱৎ কৰা, পাহাৰীয়া জিলা দুখনৰ চাৰি সীমা সুৰক্ষা প্ৰদানকে ধৰি মুঠ ৪ টা বৃহৎ স্বাৰ্থ আৰু উদ্দেশ্যৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছ আৰু এএছডিচি দলে একত্ৰিত হৈ বিজেপিক পৰাজিত কৰাৰ লক্ষ্য স্থিৰ কৰা বুলি সংবাদমেলৰ জৰিয়তে সদৰি কৰে ৷

লগতে চাওক:কাৰ্বি আংলঙৰ জনতাক কি আশ্বাস দিলে প্ৰধানমন্ত্ৰী মোডীয়ে ?

ABOUT THE AUTHOR

...view details