নিউজ ডেস্ক, 24 ফেব্ৰুৱাৰীঃ২০১৩ চনত ডিফু চহৰত সংঘটিত ৰাজ্য কঁপোৱা ঝংকাৰ হত্যাকাণ্ডক লৈ আজি ডিফুৰ জিলা সত্ৰ ন্যায়াধীশ, এ আহমেদৰ বিচাৰপীঠে চূড়ান্ত শুনানি প্ৰদান কৰে ৷ ডিফু জিলা কাৰাগাৰত বন্দী হৈ থকা ১৬ জনকৈ অভিযুক্তক ডিফু সত্ৰ ন্যায়াধীশ, এ আহমেদৰ আদালতত হাজিৰ কৰোৱা হয় ৷ আদালতৰ ৰায়দান অনুসৰি 16 জন অভিযুক্তৰ ১২ জনক দোষী সাব্যস্ত কৰা হয় ৷ ইয়াৰোপৰি দুজন আৰক্ষী ক্ৰমে এ.এছ.আই ৰমেশ চন্দ্ৰ নাথ, হাবিলদাৰ হাৰুণ বৰাসহ ছাৰ্থে বে' আৰু দিলীপ টেৰণক এই গোচৰৰ পৰা ৰেহাই দিয়া হয় ৷ ৰায়দানত ১২ জন অভিযুক্তক দোষী সাব্যস্ত কৰা হৈছে যদিও দোষী সকলৰ শাস্তি ঘোষণা কৰা হ'ব ২৮ ফেব্ৰুৱাৰীত ৷
ঝংকাৰ হত্যাকাণ্ডত জড়িত ১২ জনকৈ লোকক দোষী সাব্যস্ত - ছাৰ্থে বে'
ৰাজ্য কঁপোৱা ঝংকাৰ হত্যাকাণ্ডক লৈ আজি ডিফুৰ জিলা সত্ৰ ন্যায়াধীশ, এ আহমেদৰ বিচাৰপীঠে চূড়ান্ত শুনানি প্ৰদান কৰে ৷ 16 জন অভিযুক্তৰ ১২ জনক দোষী সাব্যস্ত কৰাৰ লগতে দুজন আৰক্ষী ক্ৰমে এ.এছ.আই ৰমেশ চন্দ্ৰ নাথ, হাবিলদাৰ হাৰুণ বৰাসহ ছাৰ্থে বে' আৰু দিলীপ টেৰণক এই গোচৰৰ পৰা ৰেহাই দিয়া হয় ৷

১২ জনকৈ লোকক দোষী সাব্যস্ত
ঝংকাৰ হত্যাকাণ্ডত জড়িত ১২ জনকৈ লোকক দোষী সাব্যস্ত