অসম

assam

ETV Bharat / state

ঝংকাৰ শইকীয়া হত্যাকাণ্ড : অৱশেষত ন্যায় পালে পৰিয়ালে - অসম অপৰাধ

সুদীৰ্ঘ 7 বছৰৰ অন্তত ডিফু সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান ৷ ঘটনাৰ লগত জড়িত 12 জনক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি ঘোষণা কৰিলে ডিফু সত্ৰ ন্যায়াধীশৰ আদালতে ৷

JHANKAR SAIKIA MURDER CASE
ঝংকাৰ শইকীয়া হত্যাকাণ্ড

By

Published : Feb 29, 2020, 6:23 PM IST

ডিফু, 29 ফেব্ৰুৱাৰীঃ 2013 চনৰ 25 জুনৰ সন্ধিয়া পিতৃৰ সৈতে এখন অট'ৰিক্সাৰে ডিফু চহৰলৈ আহিছিল ঝংকাৰ শইকীয়া ৷ ভাড়া আদায় দিয়াৰ সময়ত মাত্ৰ 10 টকাৰ বাবে তৰ্কা-তৰ্কিৰ সূচনা হৈছিল অট'চালকৰ সৈতে ৷ সেই সামান্য বাকবিতণ্ডাই মুহূৰ্ততে ল'লে ভয়াৱহ ৰূপ । এদল উন্মত্ত জনতাই উপযুপৰি প্ৰহাৰ কৰি মুমূৰ্ষ অৱস্থাত এৰি যায় ঝংকাৰ শইকীয়াক ৷ আক্ৰমণকাৰীসকল ইমানেই হিংসুক হৈ পৰিছিল যে,ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈও উদ্ধাৰ কৰিব পৰা নাছিল ঝংকাৰক ৷

ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ ৰায়দান

সেইদিনা অসহায়ভাৱে সমগ্ৰ ঘটনাৰ নীৰৱ দৰ্শক হৈ ৰৈছিল ঝংকাৰৰ দেউতাক ৷ মুমূৰ্ষ অৱস্থাত গুৱাহাটীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও 1 জুলাইত অৰ্থাৎ ঘটনাৰ 5 দিনত অন্তত মৃত্যু হৈছিল ঝংকাৰ শইকীয়াৰ ৷ ঘটনা সন্দৰ্ভত ঝংকাৰৰ পিতৃয়ে ডিফু আৰক্ষী চকীত দাখিল কৰা এজাহাৰ ভিত্তিত তদন্ত চলাই তদন্তকাৰী আৰক্ষী বিষয়াই মুঠ 19 জন অভিযুক্তৰ বিৰুদ্ধে আদালতত দাখিল কৰিলে চাৰ্জশ্বীট ৷

2018 চনৰ 23 আগষ্টত ডিফু সত্ৰ ন্যায়িক দণ্ডাধীশৰ আদালতত আৰম্ভ হ'ল ঝংকাৰ হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ৷ প্ৰায় 18 মাহ ধৰি চলা বিচাৰৰ অন্তত 2020 চনৰ 28 ফেব্ৰুৱাৰীত আদালতে দোষী সাব্যস্ত কৰি 12 জনৰ বিৰুদ্ধে ঘোষণা কৰিলে শাস্তি ৷

ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৪৭ অনুসৰি ৬ মাহ, ৩৪১ অনুসৰি ১ মাহ, ৩২৩ অনুসৰি ৬ মাহ আৰু ৩০২ ধাৰাত যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ২ হাজাৰ টকাকৈ জৰিমনা বিহাৰ নিৰ্দেশ দিয়ে আদালতে ৷ ইমানেই নহয়, 2000 টকা জৰিমণা আদায় নিদিলে অতিৰিক্ত 2 মাহৰ বাবে কাৰাদণ্ডৰ নিৰ্দেশ দিলে আদালতে ৷ ইপিনে দুজন আচামী ক্ৰমে বাৰ্লং তিমুঙ আৰু গিবচন তিমুঙবৰ্তমানেও পলাতক হৈ আছে আৰু আন এজন জুভেনাইল অপৰাধীও জুভেনাইল ক'ৰ্টত দোষী সাব্যস্ত হৈছে ৷ ইয়াৰোপৰি গোচৰটোৰ পৰা আৰক্ষী এ এছ আইৰমেশ নাথ,হাবিলদাৰ হাৰুণ বৰাৰ লগতে ছাৰ্থে বে' আৰু দিলীপ টেৰণক আদালতে দোষমুক্ত কৰি ৰেহাই প্ৰদান কৰিছে ৷

লগতে পঢ়ক :

অসমৰ সমষ্টি পুণঃনিৰ্ধাৰণৰ ৰাজপত্ৰিত জাননী জাৰি

ABOUT THE AUTHOR

...view details