ডিফু, ১৪ অক্টোবৰ: কামৰ মজুৰি বৃদ্ধি, চিকিৎসা আৰু ভ্ৰমণৰ ভাট্টা প্ৰদানৰ দাবীৰে জীৱিকা সখীৰ ধৰ্ণা ৷ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত নিযুক্তিপ্ৰাপ্ত জীৱিকা সখীসকলে আজি প্ৰাপ্য আদায়ৰ দাবীত এক প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰাপ্য আদায়ৰ দাবীৰে জীৱিকা সখীসকলে প্ৰতিবাদী কাৰ্যসূচীৰে বকলীয়াঘাট উত্তাল কৰি তোলে ।
প্ৰাপ্য আদায়ৰ দাবীত জীৱিকা সখীৰ ধৰ্ণা - jeevika sakhi staged protest in bokoliaghat
প্ৰাপ্য আদায়ৰ দাবীত বকলীয়াঘাটত জীৱিকা সখীৰ ধৰ্ণা ৷ কামৰ মজুৰি বৃদ্ধি, চিকিৎসা আৰু ভ্ৰমণৰ ভাট্টা প্ৰদানকে ধৰি বিভিন্ন সা সুবিধা প্ৰদানৰ দাবী জীৱিকা সখী সকলৰ ৷ পাহাৰীয়া এলেকাৰ দুৰ্গম অঞ্চললৈ গৈ নিজ দায়িত্ব পালন কৰাৰ পিছতো চৰকাৰে তেনেই নূন্যতম মজুৰি প্ৰদান কৰাত ক্ষোভ এইসকল কৰ্মীৰ ৷
প্ৰাপ্য আদায়ৰ দাবীত জীৱিকা সখীৰ ধৰ্ণা
আজি দিনৰ প্ৰায় ১১ বজাত বকলীয়াঘাটৰ লাংছ’মেপি উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ প্ৰাংগনত দুয়োখন পাহাৰীয়া জিলাৰ এঘাৰটা উন্নয়ন খণ্ডত কৰ্মৰত জীৱিকা সখীসকলে কামৰ মজুৰি বৃদ্ধি, চিকিৎসা আৰু ভ্ৰমণৰ ভাট্টা প্ৰদানকে ধৰি বিভিন্ন সা সুবিধা প্ৰদানৰ দাবী জনায় । পাহাৰীয়া এলেকাৰ দুৰ্গম অঞ্চললৈ গৈ নিজ দায়িত্ব পালন কৰাৰ পিছতো চৰকাৰে এইসকল কৰ্মীক তেনেই নূন্যতম মজুৰি প্ৰদান কৰা বুলি ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰী জীৱিকা সখীসকলে ।
লগতে পঢ়ক:বেংকৰ ঋণ পৰিশোধ নকৰাৰ বাবেই গৃহহাৰা হ’ল এটা পৰিয়াল