ডিফু,৮ মে':অসমৰ সীমামূৰীয়া ৰাজ্যসমূহৰ সৈতে আলাপ আলোচনাৰ মাজেৰে সীমা সমস্যা সমাধানৰ বাবে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে পশ্চিম কাৰ্বি আংলং জিলাৰে মেঘালয়ৰ সংযোজিত এলেকাটোৰ সীমা সমস্যাক লৈ আশংকা প্ৰকাশ কৰিছে জিলাখনৰ জইন্ট কʼ-অৰ্ডিনেশ্যন কমিটি ফৰ প্ৰটেক্ট অটোনমি চমুকৈ জেচিচিপিএয়ে (Resolution of Assam-Meghalaya border issue) ।
সোমবাৰে ডিফুত এক সংবাদমেলৰ আয়োজন কৰি সংগঠনটোৰ আহ্বায়ক খৰছিং টেৰণে কয় যে, এতিয়াৰ কাৰ্বি আংলং তথা পূৰ্বৰ মিকিৰ পাহাৰ জিলা গঠনৰ সময়ৰে পৰা কাৰ্বি আংলঙৰ লোকে মেঘালয়ৰ ভূমি বে-দখল কৰা নাই । ঠিক সেইদৰে 'দিয়া-লোৱা' নীতিৰ আধাৰত কাৰ্বি আংলঙৰ ভূমি মেঘালয়ক প্ৰদান কৰাৰ দৰে কোনো সিদ্ধান্ত ভৱিষ্যতে সংগঠনটোৱে মানি ল'ব নোৱাৰে বুলি আহ্বায়ক গৰাকীয়ে কয় (Assam-Meghalaya border issue) ।
মেঘালয়ৰ ভূমিও কাৰ্বি আংলঙক দিয়াৰ প্ৰয়োজন নাই, ঠিক সেইদৰে কাৰ্বি আংলঙৰ মাটিও মেঘালয়ক দিয়াৰ নীতি সমৰ্থন নকৰে বুলি স্পষ্ট কৰি দিয়ে খৰছিং টেৰণে । যোৱা চাৰি মে'ত মুখ্যমন্ত্ৰীৰ কাৰ্বি আংলং ভ্ৰমণৰ সময়তো সংগঠনটোৱে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি বিষয়টো সন্দৰ্ভত এখনি স্মাৰক পত্ৰ প্ৰদান কৰে যদিও মুখ্যমন্ত্ৰীৰ পৰা আশাব্যঞ্জক সঁহাৰি লাভ কৰা নাই বুলি আহ্বায়কগৰাকীয়ে উল্লেখ কৰে (Joint Coordination Committee for Protect Autonomy) ।