অসম

assam

ETV Bharat / state

খিলঞ্জীয়া জনজাতি-জনগোষ্ঠীৰ স্বাৰ্থৰ সুৰক্ষাৰ বাবে ভোট দিয়াৰ আহ্বান JCCPA ৰ - খিলঞ্জীয়া জনজাতি জনগোষ্ঠীৰ স্বাৰ্থৰ সুৰক্ষাৰ বাবে ভোট দিয়াৰ আহ্বান

কাৰ্বি আংলঙত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ ৷ ৰাজনৈতিক দল, নিৰ্দলীয় প্ৰাৰ্থী সকলো ব্যস্ত নিৰ্বাচনী প্ৰচাৰত ৷ পিছ পৰি ৰোৱা নাই জেচিচিপিএ, পাহাৰীয়া এলেকাটোৰ খিলঞ্জীয়া জনজাতি আৰু জনগোষ্ঠীৰ সুৰক্ষাৰ স্বাৰ্থত দলটোক ভোট দিয়ে কৰাৰ বাবে আহ্বান জেচিচিপিএ ৷

jccpa-appeal-to-vote-for-indiganous-interest-on-kaac-election
খিলঞ্জীয়া জনজাতি-জনগোষ্ঠীৰ স্বাৰ্থৰ সুৰক্ষাৰ বাবে ভোট প্ৰদান কৰক

By

Published : May 28, 2022, 2:08 PM IST

ডিফু, 28 মে': সমাগত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে ৷ ইয়াৰ লগে লগে নিৰ্দলীয় দলসমূহে গাঁৱে-ভূঞে নিজ নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী অভিযান অব্যাহত ৰাখিছে ৷ পাহাৰীয়া এলেকাটোৰ ৰাইজক খিলঞ্জীয়া জনজাতি আৰু জনগোষ্ঠীৰ সুৰক্ষাৰ স্বাৰ্থত ভোট প্ৰদান কৰাৰ বাবে আহ্বান জনাইছে জেচিচিপিএ শীৰ্ষক মঞ্চই (JCCPA Election Campaign At Karbi Anglong) ।

শুকুৰবাৰে কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবৰ কাৰ্যালয়ত জেচিচিপিএৰ আহ্বায়কদ্বয় চাইছিং ৰংপি, খৰছিং টেৰণ আৰু সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰংপিয়ে সংবাদমেল আয়োজন কৰে ৷ তেওঁলোকে সংবাদমেলত জনতাক আহ্বান জনাই কয় যে বিগত সময়চোৱাত বিৰোধী শক্তিসকলক একত্ৰিত কৰি মিত্ৰশক্তি সৃষ্টি কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছিল যদিও কাৰ্যতঃ সেয়া সম্ভৱ হৈ নুঠিল ।

মূলতঃ একাংশ ৰাজনৈতিক নেতাৰ আকোৰগোঁজ মনোভাৱ আৰু ৰাজনৈতিক উচ্চাকাংক্ষাৰ বাবেই মিত্ৰজোঁট সম্ভৱপৰ নহ'ল বুলি মন্তব্য কৰে ৷ লগতে এই নিৰ্বাচনত জিলাখনৰ থলুৱা তথা খিলঞ্জীয়া জনজাতি আৰু জনগোষ্ঠীৰ স্বাৰ্থত সুৰক্ষিত হোৱাৰ স্বাৰ্থত ভোটদান কৰাৰ বাবে জিলাবাসীক আহ্বান জনায়। এই নিৰ্বাচনত স্বায়ত্বশাসন আৰু বিৰোধী শক্তিৰ ঐক্যৰ প্ৰতি আগ্ৰহী ৰাজনৈতিক দলৰ প্ৰতিহে জেচিচিপিএ সমৰ্থন আগবঢ়াব বুলি উল্লেখ কৰে৷

উল্লেখ্য যে, 8 জুনত অনুষ্ঠিত হ'ব কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন (KAAC election 2022)৷ পৰিষদখনৰ ২৬ টা সমষ্টিত পুৱা 7:30 বজাৰ পৰা বিয়লি 4:30 বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । সমষ্টিকেইটাৰ ভোটাৰৰ মুঠ সংখ্যা হৈছে 7,03,298 গৰাকী । ইয়াৰে 3,55,503 জন পুৰুষ, 3,47,790 গৰাকী মহিলা আৰু 5 গৰাকী তৃতীয় লিংগৰ ভোটাৰ । আনহাতে মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে 906 টা । 12 জুনত অনুষ্ঠিত হ'ব ভোট গণনা ।

লগতে পঢ়ক:মই নিৰ্বাচনত জয়যুক্ত হোৱাটো নিশ্চিত: মোহন বে'

For All Latest Updates

ABOUT THE AUTHOR

...view details