অসম

assam

ETV Bharat / state

হাওৰাঘাটত কৃতী শিক্ষকক সম্বৰ্ধনা - হাওৰাঘাট মহকুমা প্ৰেছ ক্লাৱৰ সভাপতি

দেওবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে হাওৰাঘাটতো উলহ-মালহেৰে পালন কৰা হয় শিক্ষক দিৱস ৷

JAMUNA GROUP OFFERED GYAN XADHANA  AWARD TO THREE TEACHERS
হাওৰাঘাটত যমুনা গ্ৰুপৰ উদ্যোগত কৃতি শিক্ষকক জ্ঞান সাধনা বঁটা প্ৰদান

By

Published : Sep 6, 2021, 9:35 AM IST

ডিফু, 6 ছেপ্তেম্বৰ :দেওবাৰে সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হয় শিক্ষক দিৱস ৷ পৱিত্ৰ শিক্ষক দিৱসৰ লগত সংগতি ৰাখি হাওৰাঘাটৰ সামাজিক সংগঠন যমুনা গ্ৰুপৰ উদ্যোগত প্ৰদান কৰি অহা 'জ্ঞান সাধনা বঁটা' এইবাৰ হাওৰাঘাটৰ তিনিগৰাকী কৃতী শিক্ষকক প্ৰদান কৰা হয় ৷

হাওৰাঘাটত যমুনা গ্ৰুপৰ উদ্যোগত কৃতি শিক্ষকক জ্ঞান সাধনা বঁটা প্ৰদান

এই উদ্দেশ্যে দেওবাৰে দিনৰ ১০ বজাৰ পৰা হাওৰাঘাট পৌৰসভাৰ আলোচনা কক্ষত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ অনুষ্ঠানত জ্যেষ্ঠ শিক্ষক ক্ৰমে তৰুণ চন্দ্ৰ সন্দিকৈ, সাৱিত্ৰী দাস আৰু আশ্ৰফ উদ্দিন আহমেদক এই বঁটাৰে সন্মানিত কৰা হয় ৷

হাওৰাঘাটত যমুনা গ্ৰুপৰ উদ্যোগত কৃতি শিক্ষকক জ্ঞান সাধনা বঁটা প্ৰদান

উক্ত সভাত দুই যুৱ শিক্ষক ক্ৰমে প্ৰবীণ নাথ আৰু বিদ্যাৰাম ছিংনাৰক অনুপ্ৰেৰণামূলক বঁটা প্ৰদান কৰা হয় ৷ তদুপৰি শিক্ষক দিৱসৰ লগত সংগতি ৰাখি হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট সমাজকৰ্মী, সংগঠক যজ্ঞোৰাম গগৈ সোঁৱৰণী গ্ৰন্থ ‘সোঁৱৰণী কুঁৱলী’ উন্মোচন কৰা হয় ৷

হাওৰাঘাটত যমুনা গ্ৰুপৰ উদ্যোগত কৃতি শিক্ষকক জ্ঞান সাধনা বঁটা প্ৰদান

গ্ৰন্থখন উন্মোচন কৰে হাওৰাঘাট মহকুমা প্ৰেছ ক্লাবৰ সভাপতি প্ৰশান্ত বৰাই ৷ সভাত হাওৰাঘাট এলেকাৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি ভাষণ আগবঢ়ায় ৷

হাওৰাঘাটত যমুনা গ্ৰুপৰ উদ্যোগত কৃতি শিক্ষকক জ্ঞান সাধনা বঁটা প্ৰদান

ইফালে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা শাখাৰ উদ্যোগত দেওবাৰে জিলাখনৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক বিশেষ সম্বৰ্ধনা জনোৱা হয় ৷

হাওৰাঘাটত যমুনা গ্ৰুপৰ উদ্যোগত কৃতি শিক্ষকক জ্ঞান সাধনা বঁটা প্ৰদান

লগতে পঢ়ক :1995 চনৰ ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা প্ৰাপক কল্যাণী দেৱীৰ মনৰ বতৰা

ABOUT THE AUTHOR

...view details