গুৱাহাটী, ১০ ডিচেম্বৰঃনাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্য জ্বলিছে৷প্ৰতিবাদমুখী হৈ উঠিছে অসমীয়া জনতা ৷ অসম গৌৰৱ, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাই সম্পূৰ্ণ নিজস্ব শৈলীৰে কৰিছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদ।
কেবৰ বিৰোধিতাঃ চৰকাৰে প্ৰদান কৰা ৰাষ্ট্ৰীয় বঁটা প্ৰত্যাহাৰ পৰিচালক জাহ্নু বৰুৱাৰ - protest against Cab
নিজস্ব শৈলীৰে "কেব"ৰ বিৰোধিতা জাহ্নু বৰুৱাৰ ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে অসমীয়া ছবি ভগা খিৰিকীৰ বাবে পোৱা চলচ্চিত্ৰ বঁটা প্ৰত্য়াহাৰ কৰিছে পৰিচালক গৰাকীয়ে ৷
![কেবৰ বিৰোধিতাঃ চৰকাৰে প্ৰদান কৰা ৰাষ্ট্ৰীয় বঁটা প্ৰত্যাহাৰ পৰিচালক জাহ্নু বৰুৱাৰ jahnu baruah agaainst Cab](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5327806-thumbnail-3x2-a.jpg)
কেবৰ বিৰোধিতাৰে সৰৱ জাহ্নু বৰুৱা
চলিত মাহৰ শেষভাগত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক চলচ্চিত্ৰ মহোৎসৱৰ পৰা বিশিষ্ট পৰিচালক গৰাকীয়ে প্ৰত্যাহাৰ কৰিছে তেওঁৰ ছবি"ভগা খিৰিকী"। 'কেব'ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিয়েই জাহ্নু বৰুৱাই ৰাজ্যিক চলচ্চিত্ৰ মহোৎসৱৰ পৰা তেওঁৰ ছবি "ভগা খিৰিকী" প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
লগতে পঢ়কঃ ঘৰৰ ভিতৰত ভাত ৰান্ধি থাকিলে এতিয়া আৰু নহ'ব, ৰাইজ ওলাই আহক : অখিল গগৈ