অসম

assam

ETV Bharat / state

ডিফুত আন্তৰ্জাতিক শ্ৰমিক দিৱস উদযাপন - শ্ৰমিক দিৱস

সদৌ কাৰ্বি আংলং গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক সন্থাৰ উদ্যোগত ডিফুত অনুষ্টুপীয়াকৈ আন্তৰ্জাতিক শ্ৰমিক দিৱস উদযাপন । ক'ভিড-১৯ মহামাৰী সন্দৰ্ভত সজাগ সৃষ্টিৰ বাবে শ্ৰমিক সকলৰ মাজত মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে সন্থাটোৱে ।

International May day
ডিফুত আন্তৰ্জাতিক শ্ৰমিক দিৱস উদযাপন

By

Published : May 1, 2021, 6:28 PM IST

ডিফু,১ মে': শ্ৰমিকসকলৰ কষ্টৰ প্ৰতি সন্মান জনাই শনিবাৰে সমগ্ৰ বিশ্বতে পালন কৰা হৈছে শ্ৰমিক দিৱস । অসমতো আন্তৰ্জাতিক শ্ৰমিক দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । কাৰ্বি আংলঙৰ ডিফুতো সদৌ কাৰ্বি আংলং গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক সন্থা, মটৰ পৰিবহণ আৰু চালক আৰু শ্ৰমিক সন্থাই পৃথকে পৃথকে শ্ৰমিক দিৱস উদযাপন কৰিছে ।

সদৌ কাৰ্বি আংলং গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক সন্থাৰ হৈ পতাকা উত্তোলন কৰে কাৰ্যকৰী সভাপতি সৎকুৰু ৰংপিয়ে । আনহাতে, মটৰ চালক আৰু শ্ৰমিক সন্থাৰ হৈ শ্ৰমিক দিৱসৰ অনুষ্ঠানত পতাকা উত্তোলন কৰে সভাপতি আব্দুল নুৰে ৷ শ্বহীদ তৰ্পনৰ পিছতে সংস্থাকেইটাৰ নেতৃবৰ্গই খাটি খোৱা শ্ৰমিক সকললৈ হিয়া ভৰা ওলগ জনায় । লগতে ক'ভিড প্ৰট'কলৰ বাবে শ্ৰমিকসকল সমবেত হৈ পুঁজিপতিৰ শোষণৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব নোৱাৰাৰ বাবে দুখ প্ৰকাশ কৰে নিৰ্মাণ শ্ৰমিক সন্থাৰ কাৰ্বি আংলং জিলাৰ সভাপতি দিলীপ কিলিঙ আৰু মটৰ পৰিবহন চালক আৰু শ্ৰমিক সন্থাৰ সাধাৰণ সম্পাদক কৃষ্ণ ভট্টৰায়ে ।

ডিফুত আন্তৰ্জাতিক শ্ৰমিক দিৱস উদযাপন

শ্ৰমিকসকলক ক'ভিড প্ৰট'কল মানি চলি নিজৰ লগতে আনকো সুৰক্ষিত তথা সংকটমুক্ত কৰি ৰাখিবলৈ আহ্বান জনায় ৷ আনহাতে, সজাগতামূলক কাৰ্যসূচী হিচাপে সদৌ কাৰ্বি আংলং গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক সন্থাৰ উদ্যোগত শ্ৰমিকসকলৰ মাজত মাস্ক, ছেনিটাইজাৰ বিতৰণ কৰা হয় ৷

এই কাৰ্যসূচীত সদৌ কাৰ্বি আংলং গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় উপ-সভাপতি প্ৰতিৰাজা বৰভূঞা, কেন্দ্ৰীয় কোষাধ্যক্ষ জয়চন হাঞ্চে, সহকাৰী সম্পাদক নৱজ্যোতি গগৈৰ লগতে মটৰ পৰিবহণ চালক আৰু শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় কোষাধ্যক্ষ দিপেন থাপা আৰু কাৰ্যালয় সম্পাদক ছাইদুল ইছলাম উপস্থিত থাকে ৷ ইফালে, লাংহিনতো শ্ৰমিক সকলে আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন কৰে ।

লগতে পঢ়ক: কৰ'ণাত প্ৰাণ গ'ল প্ৰতিভাৱান গায়িকা পাৰবিন পৰীৰ

ABOUT THE AUTHOR

...view details