অসম

assam

ETV Bharat / state

ডিফুত 'কার্বি হিস্টৰী : পাষ্ট এণ্ড প্রেজেন্ট' উন্মোচন

ডিফুত উন্মোচন কৰা হয় অসমৰ খিলঞ্জীয়া কাৰ্বি জনগোষ্ঠীৰ অতীত, বৰ্তমান সামৰি প্ৰস্তুত কৰা এখন বিশেষ গ্ৰন্থ ৷

ডিফুত 'কার্বি হিস্টৰী : পাষ্ট এণ্ড প্রেজেন্ট' উন্মোচন
ডিফুত 'কার্বি হিস্টৰী : পাষ্ট এণ্ড প্রেজেন্ট' উন্মোচন

By

Published : Aug 24, 2020, 11:32 PM IST

ডিফু, 24 আগষ্ট : কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম বংহাঙে সোমবাৰে "কাৰ্বি হিষ্টৰী:পাষ্ট এণ্ড প্রেজেন্ট" শীর্ষক কার্বিসকলৰ ইতিহাস সম্পর্কীয় ইংৰাজী ভাষাত লিখিত গ্রন্থৰ শুভ উন্মােচন কৰে । চেন্টাৰ ফৰ কার্বি ষ্টাডিজৰ উদ্যোগত অনুষ্ঠিত হােৱা গ্রন্থ উন্মােচন অনুষ্ঠানত পৰিষদৰ মুখ্য কার্যবাহী সদস্যগৰাকীয়ে নিজ কার্যালয় কক্ষৰ পৰাই গ্রন্থখনৰ শুভ উম্মােচন কৰে ।

উন্মোচনৰ উক্ত অনুষ্ঠানত সাংসদ হৰেণছিং বে',পৰিষদৰ উপাধ্যক্ষ বীতেশ ইংহিকে ধৰি কেইবাগৰাকী পৰিষদৰ সদস্য,কার্যবাহী সদস্য উপস্থিত থাকে । আনহাতে,অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদৰ উপাচার্য দিলীপ চন্দ্র নাথ,প্র-উপাচার্য প্রফেচৰ শিবাশীষ বিশ্বাস,চেন্টাৰ ফৰ কার্বি ষ্টাডিজৰ সঞ্চালক ধৰমছিং টেৰণ,এনথ্ৰপল'জী বিভাগৰ অধ্যাপক ডঃ চমিনাথ ভট্টাচার্য,ডিফু চৰকাৰী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা মেগী কাথাৰপীয়ে ভিডিঅ' কনফাৰেন্সযােগে গ্রন্থ উন্মােচনী সভাখনত অংশগ্রহণ কৰে । গ্রন্থখনৰ সম্পাদনা কৰিছে ভুল্লী ধানাৰাজু আৰু ধৰমছিং টেৰণে ।

লগতে পঢ়কঃভ্ৰাম্যমানৰ মঞ্চ কঁপাবলৈ আকৌ উভতি নাহে জীৱেশ্বৰ ডেকা

ABOUT THE AUTHOR

...view details