ডিফু, ৫ ডিচেম্বৰ: অৱশেষত ধনশিৰি, দলদলী সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত মিচিবাইলামৰ গভীৰ এলেকাত মঙলবাৰে গুলীবিদ্ধ হোৱা বন্যহস্তী এটা উদ্ধাৰ কৰে বনবিভাগে ৷ উদ্ধাৰৰ অন্তত হাতীটোক চিকিৎসা প্ৰদান কৰা হয় ৷ প্ৰাপ্ত খবৰ অনুসৰি, বুধবাৰে ধনশিৰি থানাৰ দলদলী সংৰক্ষিত বনাঞ্চলৰ এলেকাধীন তুলাৰাম আৰু মিচিবাইলামৰ হাবিত বনবিভাগে এটি গুলীবিদ্ধ বন্যহস্তী প্ৰত্যক্ষ কৰে ৷ বন্যহস্তীটো নাগালেণ্ডৰ ইটাংগী বনাঞ্চলৰ পৰা ওলাই অহা বুলি বনবিভাগৰ লোকে সন্দেহ কৰিছে ৷ বনবিভাগৰ দলে বেটেলিয়নৰ দলৰ সহযোগত কাজিৰঙাৰ পৰা অহা চিকিৎসকৰ দল এটাক লগত লৈ হাবিত প্ৰৱেশ কৰে যদিও পৰ্যাপ্ত পোহৰৰ অভাৱত হাতীটোক চিকিৎসা প্ৰদানত ব্যৰ্থ হয় ৷ বৃহস্পতিবাৰে পুৱা বনবিষয়া ধনীৰাম ৰংপিৰ নেতৃত্বত বনবিভাগৰ ৰাঙাপাহাৰ ডিভিজনৰ কাৰ্বি আংলং কনাজাৰভেচন ভলণ্টিয়েৰৰ এক অভিযানকাৰী দলে অভিযান চলাই বন্যহস্তীটোক বিচাৰি উলিওৱাৰ পিছত ট্ৰেংকুলাইজ কৰি হাতীটোৰ আঘাতপ্ৰাপ্ত ভৰিত প্ৰাথমিক চিকিৎসা আগবঢ়ায় ৷ বন্যহস্তীটোক চিকিৎসা আগবঢ়োৱা চিকিৎসক প্ৰাণজিৎ বসুমতাৰীয়ে সাংবাদিকৰ আগত কয় যে, হাতীটোক কোনো দুৰ্বৃত্তই দেশীয়ভাৱে নিৰ্মিত বন্দুকেৰে গুলীয়াই আগফালৰ সোঁভৰিত আঘাত কৰে ৷ হাতীটোক সাময়িকভাৱে প্ৰাথমিক চিকিৎসা আগবঢ়োৱা হৈছে যদিও পিছলৈ অস্ত্ৰোপচাৰ কৰিবলগীয়া হোৱাৰ আশংকা ব্যক্ত কৰে চিকিৎসক গৰাকীয়ে ৷
গভীৰ অৰণ্যত গুলীবিদ্ধ বন্যহস্তীক প্ৰাথমিক চিকিৎসা প্ৰদান বনবিভাগৰ - Dhansiri, Daldali reserve forest
অৱশেষত ধনশিৰি, দলদলী সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত মিচিবাইলামৰ গভীৰ এলেকাত মঙলবাৰে গুলীবিদ্ধ হোৱা বন্যহস্তী এটা উদ্ধাৰ কৰে বনবিভাগে ৷ উদ্ধাৰৰ অন্তত হাতীটোক চিকিৎসা প্ৰদান কৰা হয়,হাতীটোক কোনো দুৰ্বৃত্তই দেশীয়ভাৱে নিৰ্মিত বন্দুকেৰে গুলীয়াই আগফালৰ সোঁভৰিত আঘাত কৰে

গভীৰ অৰণ্যত গুলীবিদ্ধ বন্যহস্তীক প্ৰাথমিক চিকিৎসা প্ৰদান বনবিভাগৰ
গভীৰ অৰণ্যত গুলীবিদ্ধ বন্যহস্তীক প্ৰাথমিক চিকিৎসা প্ৰদান বনবিভাগৰ