কাৰ্বি আংলং, 19 অক্টোবৰঃভাৰতীয় সেনাৰ উদ্যোগত শনিবাৰে অনুষ্ঠিত হয় এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ ৷ স্থলসেনাৰ ৰেড হৰ্ন ডিভিজনে অসমৰ পূব কাৰ্বি আংলং জিলাত আয়োজন কৰে স্বাস্থ্য শিবিৰটো ৷ প্ৰতিৰক্ষা বিভাগৰ অপাৰেশ্যন সদ্ভাৱনাৰ অধীনত অনুষ্ঠিত কৰা হয় স্বাস্থ্য শিবিৰটো ৷ জিলাখনৰ অতিকে দুৰ্গম প্ৰান্তত থকা ৰাইজক স্বাস্থ্য সেৱা প্ৰদানৰ লগতে বিনামূলীয়াকৈ প্ৰদান কৰা হয় প্ৰয়োজনীয় ঔষধ-পাতি ৷
বহুটো সময়ত এইসকল গাঁওবাসীয়ে সাধাৰণ স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হয় ৷ চৰকাৰে এনেকুৱা দুৰ্গম অঞ্চলত চিকিৎসালয় পাতিবলৈ অপৰাগ হোৱাৰ লগতে বহুসময়ত চিকিৎসকৰ অভাৱৰ বাবেই স্বাস্থ্য পৰীক্ষাৰ পৰা বঞ্চিত হৈ পৰে এইসকল লোক ৷ ভাৰতীয় স্থলসেনাৰ ৰেড হৰ্ণ ডিভিজনে জিলাখনৰ 250 খনৰো অধিক গাঁৱত এইদৰে স্বাস্থ্য সেৱা প্ৰদান কৰি আহিছে ৷ পূব কাৰ্বি আংলং জিলাৰ বাগুৰি সেনা চাউনীৰ তত্বাৱধানত শনিবাৰে অনুষ্ঠিত হৈ যায় স্বাস্থ্য শিবিৰটো ৷ সেনাৰ বহুকেইগৰাকী বিশেষজ্ঞ চিকিৎসকে অংশগ্ৰহণ কৰে শিবিৰত ৷