অসম

assam

তাৰালাংছ'ৰ বাকৰিত পৰম্পৰাগত ক্ৰীড়াৰ আয়োজন সেনাৰ

By

Published : Jan 6, 2020, 11:06 PM IST

Updated : Jan 6, 2020, 11:54 PM IST

ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনে কাৰ্বি আংলং জিলাত প্ৰথমবাৰৰ বাবে আয়োজন কৰিছে কাৰ্বি পৰম্পৰাগত ক্ৰীড়া প্ৰতিযোগিতা ৷ 6 জানুৱাৰীৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখনি উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ আৰু সাংসদ হৰেণ ছিং বে'ই ৷

তাৰালাংছ'ৰ বাকৰিত পৰম্পৰাগত ক্ৰীড়াৰ আয়োজন সেনাৰ
তাৰালাংছ'ৰ বাকৰিত পৰম্পৰাগত ক্ৰীড়াৰ আয়োজন সেনাৰ

ডিফু, 6 জানুৱাৰীঃকাৰ্বি লোক-কৃষ্টি-সংস্কৃতি গৱেষণাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ কাৰ্বি পিপুলছ হলছৰ তাৰালাংচৰ বাকৰিত প্ৰথমবাৰৰ বাবে সেনাৰ ৰেড হৰ্ণ ডিভিজনে আয়োজন কৰিছে কাৰ্বি পৰম্পৰাগত ক্ৰীড়া প্ৰতিযোগিতা ৷ ৬ আৰু ৭ জানুৱাৰীত দুদিনীয়াকৈ হ'বলগীয়া পৰাম্পৰাগত ক্ৰীড়া প্ৰতিযোগিতাখন এহালি কপৌ চৰাই উৰাই উন্মোচন কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ আৰু সাংসদ হৰেণ ছিং বে'ই ৷

উদ্বোধনী অনুষ্ঠানৰ কিছু দৃশ্য

মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ আৰু সাংসদ হৰেণছিং বে'ক সেনাৰ তৰফৰ পৰা পহ' আৰু স্মাৰকেৰে উষ্ম সম্ভাষণ জ্ঞাপন কৰা হয় ৷ প্ৰতিযোগিতাখন আৰম্ভনিৰ পূৰ্বে কাৰ্বি কালচাৰেল ট্ৰুপৰ তৰফৰ পৰা স্বাগতম সংগীত তথা পৰম্পৰাগত মাৰাঠা ক্ৰীড়া শৈলী প্ৰদৰ্শনে দৰ্শকক আপ্লুত কৰে ৷

উদ্বোধনী অনুষ্ঠানৰ কিছু দৃশ্য

সাংসদ হৰেণছিং বে'ই কয় যে, "তুলিৰাম ৰংহাঙৰ নেতৃত্বত কাৰ্বি আংলঙত যি শান্তি প্ৰতিষ্ঠা হৈছে সেই শান্তিৰে জিলাখনত গঢ়ি উঠা প্ৰেম, ভাতৃত্ব আৰু সমন্বয় অক্ষুণ্ণ ৰখাৰ বাবে কামনা কৰো ৷ ইয়াৰোপৰি এগৰাকী সাংসদ হিচাপে পাহাৰীয়া জিলা তিনিখনত উন্নয়ণ আৰু প্ৰগতিৰ বাবে মই সদা প্ৰস্তুত ৷"

পৰম্পৰাগত ক্ৰীড়াৰ আয়োজন সেনাৰ

তুলিৰাম ৰংহাঙে জিলাখনত প্ৰথমবাৰৰ বাবে সেনাৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখৰ লগতে সেনাৰ উদ্যোগক উচ্চ প্ৰশংসা কৰে ৷ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে জিলাখনত খেলৰ জৰিয়তে ক্ৰীড়া সংস্কৃতি গঢ়ি তুলি জিলাখনৰ জনসাধাৰণৰ মাজত শান্তি আৰু ভাতৃত্ববোধ গঢ়ি তুলিবলৈ আহ্বান জনায় ৷

ইয়াৰ পিছত কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিযোগীসকলে হামবি কেপাথু, কেংদাং দাংকে কাপ, আৰু লেংপুম চক্চন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে ৷ সেনাৰ এই প্ৰচেষ্টাক সকলোৱে শলাগ লৈছে ৷

লগতে পঢ়কঃ আছু নেতা বিজু গগৈৰ আলফাত যোগদান!

Last Updated : Jan 6, 2020, 11:54 PM IST

ABOUT THE AUTHOR

...view details