অসম

assam

By

Published : Sep 16, 2019, 10:34 PM IST

ETV Bharat / state

স্থলসেনাৰ ৰেড হৰ্ণ ডিভিজনৰ উদ্যোগত বিদ্যালয়ত বৃক্ষৰোপণ

দেশ সেৱাৰ লগতে এইবাৰ প্ৰকৃতি সংৰক্ষণত নামি পৰিছে ভাৰতীয় স্থলসেনা ৷ স্থলসেনাৰ ৰেড হৰ্ণ ডিভিজনৰ উদ্যোগত সোমবাৰে কাৰ্বি আংলং জিলাত অনুষ্ঠিত হয় বৃক্ষৰোপণ কাৰ্যসূচী ৷

স্থলসেনাৰ ৰেড হৰ্ণ ডিভিজনৰ উদ্যোগত বিদ্যালয়ত বৃক্ষৰোপণ

ডিফু, 16 চেপ্তেম্বৰঃগোলকীয় উষ্ণতা প্ৰতিৰোধৰ বাবে নামি পৰিছে ভাৰতীয় সেনা ৷ দিনক দিনে বৃদ্ধি পোৱা গোলকীয় উষ্ণতা বৃদ্ধিয়ে পৃথিৱীৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ৷ পৃথিৱীৰ প্ৰতি অহা ভাবুকি প্ৰতিৰোধ কৰিবৰ বাবে আৰু ইয়াক লৈ ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ এইদৰে বৃক্ষৰোপণ কাৰ্যসূচীত নামি পৰে ভাৰতীয় সেনা ৷

শিক্ষক আৰু শিক্ষাৰ্থীৰ সৈতে সেনা জোৱান
বৃক্ষৰোপণৰ সময়ত শিক্ষাৰ্থীসকলৰ সৈতে সেনা

সোমবাৰে অসমৰ কাৰ্বি আংলং জিলাত নিয়োজিত হৈ থকা সেনাৰ ৰেডহৰ্ণ ডিভিজনে আয়োজন কৰে বৃক্ষৰোপণ কাৰ্যসূচী ৷ জিলাখনৰ মাঞ্জা লিটল ফ্লাৱাৰ স্কুলত বৃক্ষৰোপণ কৰে সেনাৰ দলটোৱে ৷ সেনাৰ দলটোৰ লগতে বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিদ্যালয়খনৰ 11গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু 102 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৷

শিক্ষাৰ্থীৰ সৈতে সজাগতা সভাত সেনা
সেনাৰ দলটোৰ সৈতে শিক্ষাৰ্থীসকল

বৃক্ষৰোপণ কাৰ্যসূচীৰ সমান্তৰালভাৱে বিদ্যালয়খনত এক সজাগতা সভাও অনুষ্ঠিত কৰে সেনাৰ দলটোৱে ৷ সেনাৰ দলটোৱে বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ মাজত পৰিৱেশ সংৰক্ষণকে ধৰি বহুকেইটা বিষয়ত বিশদ ব্যাখ্যা আগবঢ়ায় ৷ সেনাৰ এই প্ৰচেষ্টাক একেমুখে শলাগ লয় শিক্ষাৰ্থীসকলৰ অভিভাৱকে ৷

ABOUT THE AUTHOR

...view details