ডিফু, 15 আগষ্ট: উত্তৰ-পূৰ্বাঞ্চলৰ ৫ টাকৈ উগ্ৰপন্থী সংগঠনে আহ্বান জনোৱা ১১ ঘণ্টীয়া বন্ধৰ মাজতো শনিবাৰে পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত উদযাপিত হ'ল 74 সংখ্যক স্বাধীনতা দিৱস ৷ মহামাৰী কৰ'ণাৰ বাবে অতি সীমিত কাৰ্যসূচীৰে জিলা প্ৰশাসনৰ উদ্যোগত, ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হয় স্বাধীনতা দিৱসৰ অনুষ্ঠান ৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উত্তোলন কৰে ডিফুত অনুষ্ঠিত স্বাধীনতা দিৱসৰ পতাকা ৷
স্বাধীনতা দিৱসৰ কাৰ্যসূচীত তুলিৰাম ৰংহাঙৰ লগতে উপস্থিত থাকে সাংসদ হৰেণছিং বে', প্ৰাক্তন বিধায়ক বিদ্যাছিং ইংলেং, কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কেইবাগৰাকী ই.এম আৰু এম.এচিকে ধৰি জিলা উপায়ুক্ত জয়ধ্বজ সিনহা আৰু জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী ৷ সীমিত কাৰ্যসূচীৰে স্বাধীনতা দিৱসৰ কাৰ্যসূচী পালন কৰাৰ বাবেই শনিবাৰে অনুষ্ঠিত স্বাধীনতা দিৱসত বাতিল কৰা হ'ল জোৱান, এন চি চি, ছাত্ৰ-ছাত্ৰী সকলৰ কুছ-কাৱাজৰ লগতে সাংস্কৃতিক অনুষ্ঠান ৷ পুৱাৰ ভাগত চহৰখনৰ ভিন্ন বিদ্যালয়-মহাবিদ্যালয় সমূহৰ লগতে, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় সমূহতো অনুষ্টুপীয়া কাৰ্যসূচীৰে পতাকা উত্তোলন কৰিয়েই সামৰণি মাৰে স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৷