ডিফু,২৯ ছেপ্তেম্বৰঃ অনিৰ্দিষ্ট কালৰ বাবে বিদ্যুৎ উৎপাদন বন্ধ হ'ল কাৰ্বিলাংপি জল বিদ্যুৎ প্ৰকল্পৰ। পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছʼৰ হাতীডুবিস্থিত "কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্প"ত ভয়ানক পৰিস্থিতি । নিতৌ ৯/১০ ফুট তললৈ বহি গৈছে প্ৰকল্পৰ নদীবান্ধৰ কাষত থকা পাহাৰ ৷ লগতে অঞ্চলটোত সৃষ্টি হৈছে ভয়াৱহ ভূমিস্খলনৰ । নদীবান্ধলৈ বিস্তাৰিত হৈ থকা upstream লৈ যোৱা দুয়োটা পথত বৃহৎ বৃহৎ ফাঁট মেলি গাত সমূহ ইতিমধ্যে প্ৰায় ১৫ ফুট তললৈ দাবী যোৱা বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে।
অনিৰ্দিষ্ট কাললৈ বন্ধ বৈঠালাংছ'ৰ কাৰ্বি লাংপি প্ৰকল্পৰ বিদ্যুৎ উৎপাদন - "কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্প"ত
বিভাগীয় কৰ্তৃপক্ষই দেওঁবাৰে বান্ধৰ আটাইকেইটা গেইট খুলি পানী স্বাভাৱিক ভাবে বৈ থাকিবৰ বাবে ব্যবস্থা কৰি দিয়ে । সম্প্ৰতি প্ৰকল্পৰ বান্ধত কোনো সংৰক্ষিত পানী নাই । ফলত অনিৰ্দিষ্ট কাললৈ বিদ্যুৎ উৎপাদন কৰিব পৰা নাযাব ।
![অনিৰ্দিষ্ট কাললৈ বন্ধ বৈঠালাংছ'ৰ কাৰ্বি লাংপি প্ৰকল্পৰ বিদ্যুৎ উৎপাদন indefinit closed karbi langpi hydro project](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8981255-364-8981255-1601372086438.jpg)
ফলত ডেমলৈ যোৱাৰ পথদুটা সম্পূৰ্ন ৰূপে বন্ধ হৈ পৰিছে । যাৰ ফলত সম্প্ৰতি ডেমটোলৈ নমি আহিছে তীব্ৰ ভাবুকি। সেয়ে বিভাগীয় কৰ্তৃপক্ষই দেওঁবাৰে বান্ধৰ আটাইকেইটা গেইট খুলি পানী স্বাভাৱিক ভাবে বৈ থাকিবৰ বাবে ব্যবস্থা কৰি দিয়ে । সম্প্ৰতি প্ৰকল্পৰ বান্ধত কোনো সংৰক্ষিত পানী নাই । ফলত অনিৰ্দিষ্ট কাললৈ কৰিব পৰা নাযাব বিদ্যুৎ উৎপাদন। প্ৰকল্প বিষয়া প্ৰৱন বৰায়ে সদৰি কৰা মতে অনিৰ্দিষ্ট কাললৈকে বন্ধ থাকিব বিদ্যুৎ উৎপাদন । আনহাতে মঙলবাৰে স্থানীয় বিধায়ক ডা: মানছিং ৰংপি, চি.জি.এম.(হাইদ্ৰ)আৰ. বিশ্বনাথ আৰু চি.জি.এম (জেনেৰেচন) অভিজিৎ ভূঞা প্ৰকল্প স্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ।