ডিফু, ১০ নৱেম্বৰ : কাৰ্বি আংলং জিলাৰ বনাঞ্চল তহিলং কৰি অহা চোৰাং কাঠ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে শেহতীয়াকৈ জিলাখনৰ বনকর্মীয়ে অব্যাহত ৰাখিছে ধাৰাবাহিক অভিযান ৷ বিগত কেইটামান দিনত বনকর্মীৰ দলে নিয়মীয়াকৈ অভিযান চলাই বুজন পৰিমাণৰ চোৰাং কাঠ জব্দ কৰাৰ লগতে এই ব্যৱসায়ত জড়িত কেইবাটাও সৰবৰাহকাৰীক কৰায়ত্ত কৰাৰ সময়তে বুধবাৰে জিলাখনৰ হোজাই-কাৰ্বি আংলং সীমান্তত বন বিভাগে অভিযান চলাই বুজন পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় ৷
প্ৰাপ্ত তথ্য অনুসৰি, এক গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত বন বিভাগৰ নৰ্দাৰ্ণ ৰেঞ্জৰ বকলীয়াঘাটস্থিত কার্যালয়ৰ সহকাৰী বন সংৰক্ষক হৰিনাথ ৰংহাঙৰ নেতৃত্বত বনকর্মীৰ এটা দলে কাৰ্বি আংলং-হোজাই জিলা সীমান্তৱর্তী জাংজোক বজাৰ এলেকাত অভিযান চলায় ৷ উক্ত অভিযানত বনকর্মীৰ দলটোৱে হাবিত লুকুৱাই ৰখা অৱস্থাত মূল্যৱান কাঠসমূহ জব্দ কৰিবলৈ সক্ষম হয় ৷