ডিফু,25 মে’: পশ্চিম কাৰ্বি আংলঙত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা ৷ বন বিভাগৰ চকুৰ ধূলি দি নিতৌ জিলাখনৰ বিভিন্ন প্ৰান্তত চলে এই ৰমৰমীয়া বেহা ৷
মঙলবাৰে পুৱা কাৰ্বি লাংপিৰ (বৰপানী) নদীৰে নগাঁও-মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চললৈ নাৱেৰে চোৰাংভাৱে চেগুন কাঠৰ কুণ্ডা সৰবৰাহ কৰিবলৈ লওঁতেই হাতে-লোটে স্থানীয় ৰাইজে জব্দ কৰে চেগুনৰ কুণ্ডাৰ লগতে দুখনকৈ নাও ৷ জব্দ হোৱা কুণ্ডাখিনিৰ বজাৰ মূল্য বহু লক্ষাধিক টকা বুলি জানিব পৰা গৈছে ৷