ডিফু, 28 নৱেম্বৰ : বোকাজান মহকুমা ডিলাই আৰক্ষীয়ে শনিবাৰে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ(Karbi Anglong police operation against liquor) কৰে ৷ আৰক্ষীয়ে সুৰাখিনি জব্দ কৰাৰ লগতে মুঠ ছয়জন লোকক আটক(Illicit liquor mafia arrested) কৰিবলৈ সক্ষম হয় ৷
ডিলাই আৰক্ষীয়ে অভিযানৰ সময়ত প্ৰায় ২৫ কাৰ্টন অবৈধ সুৰা জব্দ কৰে ৷ সৰবৰাহকাৰীকেইটাই এখন যাত্ৰীবাহী অ'ট ৰিক্সা আৰু ৱেগনাৰ বাহনত কঢ়িয়াই আনিছিল সুৰাৰ কাৰ্টনসমূহ । অ'টখনৰ পঞ্জীয়ন নম্বৰ AS-09A-C-8614 আৰু ৱেগনাৰখনৰ নম্বৰ হৈছে AS-01B-A-2293 ৷