অসম

assam

ETV Bharat / state

কাৰ্বি আংলঙত লক্ষাধিক মূল্যৰ চোৰাং কাঠ জব্দ - Deforestation in Karbi Anglong

চোৰাং কাঠৰ ব্যৱসায়ৰ বিৰুদ্ধে কাৰ্বি আংলঙৰ বনবিভাগে অব্যাহত ৰাখিছে অভিযান ৷ কাৰ্বি আংলং জিলাৰ বকলীয়াঘাট বনবিভাগে কাৰ্বি আংলং আৰু হোজাই সংযোগী তিনিটাকৈ স্থানত চোৰাং কাঠৰ বিৰুদ্ধে অভিযান চলাই 77 টা ফাণ্টাত কমেও 60 চিএফটি পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে (Illegal timber seized at Karbi Anglong) ৷

Illegal timber seized at Karbi Anglong
কাৰ্বি আংলঙত লক্ষাধিক মূল্যৰ চোৰাং কাঠ জব্দ

By

Published : Jan 18, 2022, 10:48 AM IST

ডিফু, 18 জানুৱাৰী : ৰাজ্যত অব্যাহত আছে কৰ'ণাৰ ভয়াৱহ সংক্ৰমণ (Covid cases increses in Assam) । কিন্তু তাৰ মাজতো বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্যকলাপ অব্যাহত ৰাখিছে দুষ্টচক্ৰই । অসমৰ বনাঞ্চল ধ্বংস কৰি একাংশই অব্যাহত ৰাখিছে কাঠৰ চোৰাং সৰবৰাহ (Deforestation in Assam Forests)। বন বিভাগৰ চকুৰ সন্মুখতে একাংশ লোকে অসমৰ ভিন্ন প্ৰান্তত এই দুস্কাৰ্য সংঘটিত কৰি আহিছে ।

বিশেষকৈ কাৰ্বি আংলঙৰ বনাঞ্চলত নিতৌ চলিছে চোৰাং কাঠৰ ব্যৱসায়ীৰ ধ্বংসযজ্ঞ (Deforestation in Karbi Anglong)৷ শেহতীয়াকৈ দেওবাৰে নিশা কাৰ্বি আংলং জিলাৰ বকলীয়াঘাট বনবিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰাৰ (Illegal timber seized at Karbi Anglong) লগতে কাঠচুৰি কাৰ্যত ব্যৱহৃত দুখনকৈ মটৰচাইকেল আৰু এখন টাটা ম’বাইল জব্দ কৰে ৷

তথ্য অনুসৰি, শনিবাৰে এক গোপন সূত্ৰৰ পম খেদি বকলীয়াঘাটৰ বনবিভাগৰ নৰ্দাৰ্ণ ৰেঞ্জ কাৰ্যালয়ৰ সহকাৰী বন বিষয়া হৰিনাথ ৰংহাঙৰ নেতৃত্বত আৰক্ষীৰ এটা দলে কাৰ্বি আংলং আৰু হোজাই সংযোগী তিনিটাকৈ স্থানত চোৰাং কাঠৰ বিৰুদ্ধে অভিযান চলায় ৷ এই অভিযানত আৰক্ষীয়ে AS01BC 5688 নম্বৰৰ এখন টাটা ম’বাইল বাহনখনৰ পৰা 77 টা ফাণ্টাত কমেও 60 চিএফটি পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে (Illegal timber seized by Karbi Anglong forest department) ৷

কাৰ্বি আংলঙত লক্ষাধিক মূল্যৰ চোৰাং কাঠ জব্দ

অৱশ্যে নিশাৰ এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি চোৰাং কাঠ সৰবৰাহকাৰী দলটোই বনকৰ্মীৰ উপস্থিতিৰ উমান পাই পলায়ন কৰে৷ যদিও অভিযানকাৰী দলটোৱে কাঠচুৰি কাৰ্যত ব্যৱহৃত AS 02 D 6811 আৰু AS 09 B 2863 নম্বৰৰ দুখনকৈ মটৰচাইকেল ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে ৷ লগতে জব্দকৃত কাঠখিনিৰ মূল্য বহু লাখ টকা হ’ব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :Assam COVID update: সোমবাৰৰ দিনটোত ৰাজ্যত নতুনকৈ ৬৯৮২ গৰাকী লোক ক'ভিডত আক্ৰান্ত

ABOUT THE AUTHOR

...view details