ডিফু,২২ অক্টোবৰ:ৰাজ্যত শাৰদীয় দুৰ্গোৎসৱৰ উখল-মাখল পৰিৱেশ । দুৰ্গোৎসৱৰ আনন্দ-উল্লাসৰ মাজত যাতে অবৈধ সামগ্ৰী সৰবৰাহ নহয় তাৰ বাবে তীক্ষ্ণ দৃষ্টি ৰাখিছে অসম আৰক্ষীয়ে । পূজাৰ সুৰঙা লৈ যাতে কোনো ধৰণৰ নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহ নহয় তাৰবাবে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে । ইয়াৰ মাজতে অবৈধ ড্ৰাগছ, মৰফিন, গাঞ্জা, বাৰ্মিজ চুপাৰিৰ পিছত কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ খটখটীত এইবাৰ উদ্ধাৰ হৈছে প্ৰায় ৫০ লক্ষাধিক টকাৰ অবৈধ বাৰ্মিজ উইংগ চিগাৰেট ৷
খটখটী এছবিআই বেংকৰ সন্মুখত আৰক্ষীৰ নিয়মীয়া তালাচীত উদ্ধাৰ হয় এই বৃহৎ পৰিমানৰ অবৈধ চিগাৰেটখিনি ৷ খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰমেন বৰদলৈৰ নেতৃত্বত চলিছিল এই অভিযান ৷ প্ৰাপ্ত খবৰ অনুসৰি শনিবাৰে বিয়লি প্ৰায় ১ বাজি ৩০ মিনিটত মণিপুৰৰ পৰা দিল্লী অভিমুখে গৈ থকা UP-21-BN-1586 নম্বৰৰ এখন কণ্টেইনাৰ গাড়ীত তালাচী চলাওতে বাহনখনত গোপন চেম্বাৰ বনাই লুকুৱাই অনা অৱস্থাত উদ্ধাৰ হয় চিগাৰেটখিনি ৷