ডিফু, ৭ ডিচেম্বৰঃএইবাৰ কোনো বিদেশী বা বাংলাদেশী নহয়, খোদ ভূমিপুত্ৰ খিলঞ্জীয়া গাঁওবাসীৰ বিৰুদ্ধে শীঘ্ৰে উচ্ছেদৰ জাননী জাৰি কৰিছে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে ৷ এই ঘটনা কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ দাঁতি কাষৰীয়া ডিফু-লামডিং পথৰ ৰংপাংথিৰ নামৰ গাঁৱৰ ৷ গাৰ ঘাম মাটিত পেলাই বিনিদ্ৰ ৰজনীৰে যতনাই লোৱা নিজ গাঁওখনত উচ্ছেদৰ বাবে চৰকাৰী জাননী পোৱা মাত্ৰকে চকুৰে ধুৱলি-কুঁৱলি দেখি পাইছে ৰংপাংথিৰৰ গাঁওবাসীয়ে ৷
তেওঁলোকৰ মৰমৰ গাঁওখনত থকা মৰমৰ ঘৰ, ফল-ফুলেৰে জাতিষ্কাৰহৈ থকা বাৰীখন, চহৰৰ উন্নতমানৰ শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰি থকা তেওঁলোকৰ সতি-সন্তানৰ সোণোৱালী ভৱিষ্যতৰ সপোনবোৰ থান-বান হ‘ব ধৰা নানা চিন্তাৰে ভাৰাক্ৰান্ত কৰি তুলিছে গাঁওবাসীৰ মনবোৰ ৷ প্ৰতিবাদকাৰী সকলে সাংবাদিকৰ আগত কয় যে, কাৰবি আংলঙৰ বিভিন্ন প্ৰান্তৰ পৰা কাৰ্বি জনজাতিৰ লোক সকলে তেওঁলোকৰ ল'ৰা- ছোৱালীৰ উন্নত ভৱিষ্যতৰ কথা চিন্তা কৰিয়ে সদৰ চহৰ ডিফু-লামডিং পথৰ ৪ কিলোৰ ৰংপাংথিৰত ৩৬ ঘৰ পৰিয়ালে বসতি স্থাপন কৰিছিল ৷ তেওঁলোকে যুক্তি দৰ্শাই কয়যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে গাঁৱখনত সেই লোক সকলে দখল কৰি বসতি স্থাপনৰ সময়তে বিভাগীয় কৰ্তৃপক্ষই উচ্ছেদৰ জাননী নিদি ৮ বছৰ পিছত কিয় জাননী দিছে বুলি প্ৰশ্ন কৰে ৷ সেয়ে গাঁওবাসী শোকত মৰ্মাহত হৈছে ৷ তেওঁলোকৰ সতি-সন্তানকলৈ ক'ত যাব ৷ এই উচ্ছেদৰ জাননী প্ৰত্যাহাৰ কৰিব লাগে, কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৰাজহ বিভাগৰ FILE NO:- KAAC/REVENEW/ALLOTMENT/892 অনুসৰি পৰিষদৰ ইচি মিটিঙত ভূমি আবণ্টনৰ সিদ্ধান্ত গ্ৰহণ কৰক, গাঁওখনৰ আধুনিকৰণ কৰক আদি দাবী উত্থাপনৰে কণ কণ শিশু কন্যা-পুত্ৰ সহ গাওঁবাসীয়ে মঙলবাৰে ডিফুস্থিত জননেতা প্ৰয়াত ছেমছনচিং ইংতি সোঁৱৰণি উদ্যানৰ সন্মূখত ২৪ ঘণ্টাৰ বাবে অনশনত বহিছে ৷